
নলবাৰীঃ ৰাজ্যৰ বহু বিতৰ্কিত এগৰাকী ৰাজনৈতিক দলৰ নেতাৰ পুত্ৰই ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজপত্ৰিত বিষয়াৰ চাকৰি লোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নলবাৰী জিলাত৷ কংগ্ৰেছ নেতা-প্ৰাক্তন মন্ত্ৰী নীলমনিসেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি ডেকাই পিতৃৰ প্ৰভাৱ খটুৱাই অসম লোকসেৱা আয়োগত চাকৰি লোৱাত ব্যাপক চৰ্চা আৰম্ভ হৈছে নলবাৰী জিলাত৷ বিধায়ক তথা মন্ত্ৰী হৈ থকা কালত নিজ সমষ্টিৰ শিক্ষিত নিৱনুৱাক কোনো দিনে ঘুৰি নোচোৱা নীলমনি সেন ডেকাই নিজ পুত্ৰক ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজপত্ৰিত বিষয়াৰ চাকৰিত নিয়োগ কৰিছিল৷
টকা দি যোগ্য মেধা ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি নিজ দলৰ চৰকাৰ থকাৰ সুবাদতে নিজৰ পুত্ৰ কন্যা আত্মীয়ক সংস্থাপিত কৰিছিল একাংশ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে৷ তাৰ সমানে সমানে সেই সময়ৰ বিৰোধি বিজেপি দলেও পিছ পৰি থকা নাছিল বুলি অভিযোগ উত্থাপন হৈছে৷ বিজেপি দলৰো কেইবাগৰাকী জ্যেষ্ঠ নেতাৰ আত্মীয়ই চাকৰি লাভ কৰিছিল বুলি জানিব পৰা গৈছে৷ আনহাতে নলবাৰীৰ কংগ্ৰেছৰ নেতা তথা বহুবল্কী প্ৰাক্তন মন্ত্ৰী নীলমনিসেন ডেকাই নিজ দলৰ চৰকাৰৰ শাসন কালত নিজ পুত্ৰক চাকৰি দিয়া ঘটনাই নীলমনি সেন ডেকাৰ গৃহ জিলাত তীব্ৰ চাঞ্চল্য অব্যাহত আছে৷
অসম লোকসেৱা আয়োগৰ বৃহৎ কেলেংকাৰীত নীলমনিৰৰ পুত্ৰ ৰাজৰ্ষিৰ নাম খাঙুৰ হৈ পৰাত তথা আৰক্ষীৰ পৰা বাছিবলৈ আত্মগোপন কৰা ঘটনাই বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে নলবাৰীত। ধৰ্মপুৰ সমষ্টিৰ বিধায়ক নীলমণি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষিসেন ডেকা কেলেংকাৰীত অভিযুক্ত হৈ পলায়ণ কৰিব লগা হয়। আঢ়ৈ টকাত এসাজ ভাত খাব, নামনি অসমৰ মানুহ টকাৰ বান্দিলত বিক্ৰী হয়, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী প্ৰধানমন্ত্ৰীৰ আপোন আদি কথা কৈ নলবৰীয়া সমাজৰ সন্মান লাঘৱ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷
শেহতীয়াকৈ নীলমণিৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কেলেংকাৰীৰে উত্তীৰ্ণ হৈ ৰাজপত্ৰিত বিষয়াৰ দায়িত্ব পালন কৰি আছিল। প্ৰাক্তন মন্ত্ৰী গৰাকীৰ পুত্ৰ জনে পুনৰ সমগ্ৰ নলবাৰীৰ লগতে ধৰ্মপুৰ সমষ্টিৰ সন্মান লাঘৱ কৰিলে বুলি নলবাৰীত চৰ্চা হৈছে। স্মৰ্তব্য যে, লাখ লাখ টকা দি চাকৰি লোৱা ১৭ গৰাকী ৰাজপত্ৰিত বিষয়াক ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই ইতিমধ্যে জালত পেলাবলৈ সক্ষম হৈছে যদিও ৰাজনৈতিক প্ৰভাৱশলী তিনিগৰাকী বিষয়াক এতিয়ালৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছ নেতা নীলমনি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি ডেকা, কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ আত্মীয় সুনয়না আইদৈউ আৰু গীতালি দলেক এতিয়ালৈ আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হোৱা নাই৷