
হোজাইঃ অসম সাহিত্য সভাৰ নীলবাগান শাখাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি বৰ্নাঢ্য কাৰ্যসূচীৰে নীলবাগানস্থিত মৌলানা মছদ্দৰ আলী বিদ্যাপীঠত পালন কৰা হয়৷ মৌলানা আজাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুৰ ৰসিদ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সভা৷
সঙাৰ উদ্দেশ্য বাখ্যা কৰে নীলবাগান শাখা সাহিত্য সভাৰ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী আইনুল হক চৌধুৰীয়ে৷ সভাৰ উদ্দেশ্য বাখ্যা কৰি আইনুল হক চৌধুৰীয়ে বৃহত্তৰ নীলবাগান এলেকাৰ ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ লগতে সৰু কালৰে পৰা যাতে ভাষা সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহ জন্মে তাৰেই উদ্দেশ্য আগত ৰাখি ২০১৬ চনৰ ১৮ আগষ্ট তাৰিখে নীলবাগান শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা কৰা হৈছিল বুলি কয়৷
অসম সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ স্বীকৃতি পোৱা নীলবাগান শাখা সাহিত্য সভাই জন্মলগ্নৰে পৰা বিভিন্ন উন্নয়নমুলক কাম কাজ কৰাৰ লগতে অসমীয়া ভাষা শুদ্ধ আৰু ত্ৰুটিহীন ভাৱে সকলোৱে যাতে আয়ত্ব কৰিব পাৰে তাৰ বাবে নীলবাগান শাখা সাহিত্য সভাই অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰখা বুলিও কয় চৌধুৰীয়ে৷
সভাত আইনুল হক চৌধুৰীয়ে নীলবাগান শাখা সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক সম্পাদকীয় প্ৰতিবেদনখন পাঠ কৰাৰ লগতে নীলবাগানবাসীক গৌৰৱান্বিত কৰি লিখা নীলবাগান নামৰ কবিতাটি পাঠ কৰি সকলোৰে মন মুহিবলৈ সক্ষম হয়৷
সভাত ভাষন প্ৰসংগত অসমীয়া ভাষা সু প্ৰতিষ্ঠিত কৰিবলৈ নীলবাগান শাখা সাহিত্য সভাই লোৱা পদক্ষেপৰ শলাগ লৈ সাংবাদিক মাহমুদ আলীয়ে অসম চৰকাৰৰ সাম্প্ৰতিক জাতি ধ্বংসৰ নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰে।
শংকৰদেৱ, লাচিত বৰফুকন, আজান ফকিৰৰ নামত বিদ্যালয়ৰ নামাকৰন কৰিব নোৱাৰা অসম চৰকাৰে দিনদয়ালৰ নামত বিদ্যালয় স্থাপন কৰি অসমীয়া জাতি ধ্বংসত লিপ্ত হৈছে বুলি কয়৷ অসম চৰকাৰৰ যদি সৎ সাহস আছে তেন্তে মহাপুৰুষ শংকৰদেৱে বৰপেটাৰ তাঁতীকুছিত তৈয়াৰ কৰা বৃন্দাবনী বস্ত্ৰখনৰ আঁঠটা অংশ বিদেশৰ মিউজিয়ামৰ পৰা চৰকাৰে অসমলৈ ঘুৰাই আনি জাতি, মাটি আৰু ভেটি ৰক্ষাৰ প্ৰমান দিবলৈ তেওঁ ভাষন যোগে দাবী জনায়৷
বিভিন্ন বিদ্যালয়ৰ সহস্ৰাধীক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰা সভাখনত চিকিৎসক ডঃ বি হুছেইন, মৌলানা মছদ্দৰ আলী বিদ্যাপীঠৰ প্ৰধান শিক্ষক ফখৰ উদ্দিন, নীলবাগান শাখা সাহিত্য সভাৰ সহঃ সম্পাদক ৰায়হান আহমেদ চৌধুৰী, পত্ৰিকা সম্পাদক বাচিত আলম চৌধুৰী, সাংবাদিক কফিল উদ্দিন বৰভূঞা উপস্থিত থাকে৷
সভাৰ অন্তত নীলবাগান শাখা সাহিত্য সভাই আয়োজন কৰা কবিতা আবৃত্তি আৰু ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষনা কৰি বিজয়ী প্ৰতিযোগী সকলক নগদ ধন, মানপত্ৰ আৰু বিভিন্ন উপহাৰেৰে সম্বৰ্ধনা জনায়৷
ৰচনা প্ৰতিযোগীতাত তাৰকাটাৰ নৱজ্যোতি একাডেমীৰ মেহনাজ মঞ্জুৰীয়ে প্ৰথম, মৌলানা আজাদ হাইস্কুলৰ পাৰবেজ আলমে দ্বিতীয় আৰু মৌলানা মছদ্দৰ আলী বিদ্যাপীঠৰ মাৰুফা বেগমে তৃতীয় স্থান অধিকাৰ কৰাৰ লগতে কবিতা আবৃত্তিত মৌলানা আজাদ হাইস্কুলৰ চাজিদা মৌচুমী খানমে প্ৰথম,মাৰুফা শ্ববনমে তৃতীয় আৰু মছদ্দৰ আলী বিদ্যাপীঠৰ জুমানা ফিৰদৌছে দ্বিতীয় স্থান অধিকাৰ কৰি সাফল্য অৰ্জন কৰে৷
ইফালে নতুনকৈ স্থাপিত হোৱা নৱজ্যোতি একাডেমীৰ ছাত্ৰী মেহনাজ মঞ্জুৰীয়ে পোন প্ৰথমবাৰৰ বাবে এনে আকৰ্ষনীয় তথা মেধাসম্পন্ন প্ৰতিযোগীতাত অংশ গ্ৰহন কৰি প্ৰথম স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী৷সকলোৱে নিজ বিদ্যালয়ত ছাত্ৰীগৰাকীক সম্বৰ্ধনা জনায়৷স্থানীয় ৰাইজে নীলবাগান নাখা সাহিত্য সভাৰ এনে পদক্ষেপক ভুয়সী প্ৰশংসা কৰে৷