
ডিব্ৰুগড়ঃ "ইউনাইটেড নেশ্যন টুৰিজিম অৰগেনাইজেশ্যনৰ ২০০১ চনৰ প্ৰতিবেদন মতে বিশ্বৰ প্ৰতি ১১ জন লোকৰ এগাৰাকী পৰ্যটনক্ষেত্ৰৰ সৈত জড়িত।গবেষকসকলৰ মতে অনাগত দহ বছৰত যিবিলাক কেৰিয়াৰ প্ৰসাৰৰ যি দহোটা মূল ক্ষেত্ৰ আছে তাৰ ভিতৰত টুৰিজিম অন্যতম। অসমতো বৃদ্ধি পাইছে পৰ্যটন ক্ষেত্ৰৰ গুৰুত্ব। পৰিসংখ্যা অনুসৰি পৰ্যটকৰ সংখ্যা বছৰি বৃদ্ধি পাইছে। ৩৫ লাখৰ পৰা ৪৬ লাখলৈ ঘৰুৱা পৰ্যটক বাঢিছে। অৱশ্যে যিধৰণে পৰ্যটন উদ্যোগৰ বিকাশ হ'ব লাগিছিল হোৱা নাই, কিন্তু একেবাৰে নোহোৱাও নহয়।"-ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উদ্যোগত নীলিম চৌধুৰীৰ সোঁৱৰণত পঞ্চম বাৰ্ষিক বক্তৃতানুষ্ঠানত এই মন্তব্য কৰে "দৈনিক জনমভূমি" কাকতৰ "বসুন্ধৰা" সম্পাদক, বিশিষ্ট সাংবাদিক শাংকব কৌশিক বৰুৱাই। "উজনি অসমৰ পৰ্যটনঃ সম্ভাৱনা আৰু সংবাদ মাধ্যমৰ ভূমিকা" শীৰ্ষক বক্তৃতানুষ্ঠাটোত তেওঁ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থী সমস্যা থকাৰ ফলত পৰ্যটন ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিলক্ষিত অহা বুলিও দোহাৰে।
অসমত পৰ্যটন উদ্যোগ বিকাশৰ বাবে দুটা বিশেষ সুবিধা আছে বুলি উল্লেখ কৰি কয় যে, "অসমক প্ৰকৃতিয়ে বহু সমল দিছে, দ্বিতীয়তে আমাৰ মানুহে অতিথি দেৱ ভৱ বুলি বিশ্বাস কৰে। পৰিসংখ্যা অনুসৰি অসমলৈ আনন্দ লাভৰ বাবে ৭০ শতাংশ ঘৰুৱা পৰ্যটক আৰু বাকী ৩০ শতাংশ বিদেশী পৰ্যটক আহে।" ইয়াৰ উপৰি কাজিৰঙাত ৪২ শতাংশ বিদেশী পৰ্যটক বাঢিছে বুলি সদৰী কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে।
এই সন্দৰ্ভত তেওঁ আৰু কয়, "চৰকাৰে লোৱা টুৰিজিম পলিচিখন পঢ়িবলৈ বৰ ভাল। কিন্তু বাস্তৱত কাৰ্যকৰী হ'ব লাগিব। পৰ্যটকক আকৰ্ষণৰ বাবে ছাংহাই ফেষ্টিভেলৰ দৰে কাজিৰঙা কেন্দ্ৰীক এটি ফেছটিভেল পাতিব পাৰে চৰকাৰে। উজনি অসমখন পৰ্যটনৰ এক বিশাল ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ সম্ভাৱনা আছে। ঐতিহাসিক চিহ্নতকৈ প্ৰাকৃতিক ক্ষেত্ৰৰ যোগেদি অধিক টনকিয়াল কৰাৰ থল আছে। মই ব্যক্তিগতভাবে মাজুলীৰ পৰ্যটন ক্ষেত্ৰক দলং নিৰ্মাণেৰে উন্নয়ন কৰিব পৰা যাব বুলি নাভাবো। ৫ শতাংশ পৰ্যটক অসমৰ চাহ খণ্ডৰ প্ৰতি আকৰ্ষিত হৈ আহে। চাহবাগানকলৈও পৰ্যটনক্ষেত্ৰ বিকাশ কৰাৰ থল আছে। বৌদ্ধিষ্ট টুৰিজিমৰ সম্ভাৱনা আছে অসমত। এই সম্ভাৱনাৰ বিষয়ে সংবাদ মাধ্যমে চৰকাৰৰ দৃষ্টি গোচৰ কৰিব লাগে। ইন্টাৰনেটৰ যোগেদিও প্ৰচাৰ কৰিব পাৰে। দুখৰ বিষয় অসমৰ পৰ্যটন ক্ষেত্ৰৰ বিষয়ে জানিবলৈ তথ্যৰ অভাৱ।"
ক্লাবৰ সভাপতি প্ৰবীৰ কুমাৰ চক্ৰবৰ্ত্তীয়ে সঞ্চালনা কৰা উক্ত অনুষ্ঠানটো উদোধন কৰে কানৈ কলেজৰ অধ্যক্ষই ড° শশীকান্তই। উদ্বোধনী ভাষনত তেওঁ কয় যে " নীলিম দাৰ পৰা সাংবাদিকতাৰ ক "খ "
শিকিছিলো। আমাৰ পৰ্যটন ক্ষেত্ৰ বহু চহকী, বহু সমল আছে পৰ্যটনৰ। কিন্তু আমি ইয়াক সঠিকভাৱে ব্যবহাৰ কৰিব পৰা নাই। পৰ্যটন ক্ষেত্ৰৰ পৰা স্বাৱলম্বী হ'ব পৰাকৈ সমল আছে। সঠিকভাৱে পৰ্যটন উদ্যোগটো গঢ় দিব পাৰিলে নিৱনুৱা সমস্যা সমাধানটো সহায়ক হ'ব।"-ইয়াৰ আগেয়ে বক্তৃতানুষ্ঠানৰ উদ্দেশ্য ব্যখ্যা কৰি ৰিপুঞ্জয় দাসে নীলিম চৌধুৰী ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ মূল স্তম্ভ আছিল বুলি উল্লেখ কৰি এক ডাটা বেংক স্বৰূপ আছিল বুলি মন্তব্য কৰে।
নীলিম চৌধুৰীৰ প্ৰতি শ্ৰদ্ধা জনাইয়ে বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰি অহা বুলিও জানিবলৈ দিয়ে। প্ৰয়াত সাংবাদিক গৰাকীৰ সহধৰ্মিনী সুভাষনা মহন্ত চৌধুৰীয়ে আজিৰ দিনটৌ অতি পৱিত্ৰ দিন বুলি উল্লেখ কৰি কয় যে " নীলিম চৌধুৰী দেৱে বি এ পঢ়ি থকা সময়তে জীৱিকাৰ খাতিৰত গ্ৰন্থাগাৰৰ লগত জড়িত হৈ পৰিছিল। তেওঁ অতি অধ্যয়ন পিপাসু আছিল।"
উক্ত অনুষ্ঠানতে বিষয়টো সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীয়েও মত বিনিময় কৰে। অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়াই ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক মানসজ্যোতি দত্তই। অনুষ্ঠানত অসম প্ৰেছ কৰেছপণডেনট ইউনিয়ৰ সুভিত কুমাৰ চেত্ৰী, আজুৰ মুখ্য উপদেষ্টা ইকবাল আহমেদ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক উদয়ন কুমাৰ গগৈকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।