newsnextone.com | বিহালীঃ বুধবাৰে কেইবাটাও সংগঠনে এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰ৷ এনআৰচি প্ৰস্তুতকৰণত কেইবাটাও আসোৱাহ উল্লেখ কৰি সেই সমূহ সমস্যা সমাধানৰ আহ্বান জনাই সংখ্যালঘু সংগঠন সমূহে৷

সংখ্যালঘু সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতি, অসমৰ এটা সজাতি দলে বুধবাৰে দিনৰ ১ বজাত গুৱাহাটীৰ ভঙাগড়স্থিত কাৰ্যালয়ত NRCৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে আলোচনাত মিলিত হয়। 

আলোচনাকালত হাজেলাই জটিলতা সমূহ দূৰ কৰি ১৯৭১ চনৰ ২৫ মাৰ্চত পূৰ্বৰ বৈধ-শুদ্ধ নথি জমা দিয়া সকলো অসমীয়া-ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰাৰ আশ্বাস প্ৰদান কৰে৷ ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা হিন্দু-মুছলমান কোনো অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত নকৰাকৈ সৰ্বস্তৰৰ ৰাইজৰ গ্ৰহণযোগ্য NRCৰ খচৰা প্ৰকাশ কৰিব বুলি আশ্বাস প্ৰদান কৰে। সজাতি দলত উপস্থিত আছিল আমছুৰ উপদেষ্টা তথা সংখ্যালঘূ সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতি মুখ্য সমন্বয়ক আজিজুৰ ৰহমান।