
ডিজিটেল ডেস্কঃ লঘোণীয়া পেটেৰে নিশা কটাব লাগিব এচাম ভাৰতীয়ই৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অমান্য কৰা জনতাই শীঘ্ৰে হয়তো খাটিব লাগিব অনাকাংক্ষিত উপাবাস৷ কাৰণ আধাৰ কাৰ্ড৷
অহা ১ জুলাইৰ পৰা সমগ্ৰ দেশজুৰি বলৱৎ হ'ব পণ্য আৰু সেৱাকৰ আইন অৰ্থাৎ জি এছ টি৷ সমান্তৰালকৈ বাধ্যতামূলক হ'ব আধাৰ কাৰ্ড৷ বৰ্তমান পৰ্যন্ত ৯৫ শতাংশ ভাৰতীয়ই আধাৰ কাৰ্ড লাভ কৰিছে৷
এই সন্দৰ্ভত আজি সৰ্বোচ্চ ন্যায়ালয়ত চৰকাৰে শপতনামা দাখিল কৰিছে৷ য'ত কেন্দ্রই আধাৰ কাৰ্ডৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দিন নিপিছুৱাবলৈ বিচাৰালয়ক আবেদন জনাইছে৷
উক্ত শপতনামাৰ অধীনত আধাৰ কাৰ্ড নথকা নাগৰিকে কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰিব৷ আধাৰ অবিহনে নাগৰিকক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰীৰ পৰাও বঞ্চিত কৰা হ'ব৷ নিয়মানুসাৰি তেওঁলোকে নাপাব চৰকাৰী চাউল-আটাও৷
অৱশ্যে অসমক কঠোৰ নীতিৰ পৰা ৰেহাই দিয়া হৈছে৷ আধাৰ আবণ্টন সম্পূৰ্ণ নোহোৱালৈকে সকলো চৰকাৰী সুবিধা লাভ কৰিব অসমৰ জনতাই৷