14
Sep
2017

নলবাৰীঃ বাংলাদেশী মুক্ত এখন শুদ্ধ নাগৰিকপঞ্জী লাগে নলবাৰীয়াক৷ আজি নলবাৰীৰ বিশিষ্ট নাগৰিক সমাজে অবৈধ বাংলাদেশীৰ নাম মুক্ত কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ দাবী জনাই নলবাৰীৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
নলবাৰীৰ বিশিষ্ট নাগৰিক ফনীন্দ্ৰ নাথ কলিতা, ৰফিউল হুছেইন বৰুৱা, অবিনাশ মজুমদাৰ, আবেদ আলীকে ধৰি বহু সংখ্যক লোকে গৈ উপায়ুক্তৰ হৈ নলবাৰীৰ উন্নয়ন আয়ুক্ত নাদিৰা জেছমিনৰ হাতত উক্ত স্মাৰক পত্ৰ প্ৰদান কৰে।
স্মাৰক পত্ৰত উল্লেখ কৰা মতে এখন শুদ্ধ তথা অবৈধ বাংলাদেশী মুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ কৰি অসমীয়া জাতিক ৰক্ষা কৰাৰ দাবী জনাইছে। ইয়াৰ অন্যথা ৰাইজক লৈ গণতান্ত্ৰিক আন্দোলন কৰাৰ সকিয়নী দিয়ে নলবাৰীৰ বিশিষ্ট নাগৰিক সকলে৷