
ঢেকীয়াজুলিঃ যি সময়ত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বই স্বাস্থ্য খণ্ডক আমোল পৰিবৰ্তন তথা সংস্কাৰ কৰিবলৈ চিকিৎসালয়ত গুণোৎসৱৰ আয়োজন কৰাৰ বাবে ঢাক-ঢোল বজাইছে, তেনে সময়ত স্বাস্থ্য কেন্দ্ৰত চিকিৎসক-কৰ্মচাৰী পলমকৈ উপস্থিত হোৱাক কেন্দ্ৰ কৰি আজি শোনিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ নাহৰবাৰী নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
ৰোগীক স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহি চিকিৎসকৰ বাবে বহু লোকে বোন্দাপৰ দিব লগা হোৱাত একাংশই ক্ষোভিত হৈ স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰৱেশ দ্বাৰত তলা ওলমাই স্বাস্থ্য বিভাগ হায় হায়, হিমন্ত বিশ্ব মুৰ্দাবাদ,চিকিৎসক-কৰ্মচাৰীৰ উপস্থিতি নিয়মীয়া কৰক আদি ধ্বনিৰে চিকিৎসালয় চৌহদ উত্তাল কৰি তোলে৷
একাংশৰ অভিযোগ নাহৰবাৰী নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত প্ৰায়েই চিকিৎসক কৰ্মচাৰিয়ে সময়মতে উপস্থিত নহয়৷ যাৰ ফলত অঞ্চলটোৰ দূখীয়া দৰিদ্ৰ পৰিয়ালে যথেষ্ট হাৰাশাস্তিৰ সন্মূখীন হৈ আহিছে৷ এই ক্ষেত্ৰত অঞ্চলবাসীয়ে চিকিৎসক-কৰ্মচাৰীৰ সংখ্যা আৰু প্ৰয়োজনীয় ঔষধপাতি যোগান ধৰিবলৈ দাবী জনায়৷
ইপিনে ঘটনা সন্দৰ্ভত নাহৰবাৰী নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডা০ ধ্ৰূৱজ্যোতি বড়োৱে এই সন্দৰ্ভত জানিবলৈ দিয়ে যে কাষৰীয়া উলুৱাৰী উচ্চ মাধ্যমিক বিদ্যায়ত চৰকাৰীভাৱে আয়োজিত এক স্বাস্থ্য সজাগতা সভাত অংশ লবলৈ গৈছিল৷ এই ক্ষেত্ৰত তেওঁ কৰ্তব্যত কোনোধৰনে গাফলতি কৰা নাই বুলি উল্লেখ কৰি স্বাস্থ্য সজাগতা কাৰ্যসূচীত ৰাজহ চক্ৰ বিষয়াৰ নিৰ্দেশতেই অংশ ল’বলৈ যোৱাৰ বাবেই চিকিৎসালয়ত অহাত পলম হৈছিল বুলি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷
ইফালে স্থানীয় ৰাইজৰ মতে বিগত কেইবামাহো ধৰি এইখন চিকিৎসালয়ত ৰোগীয়ে প্ৰয়োজনীয় চিকিৎসাসেৱাৰ পৰা বঞ্চিত হৈ অাহিছে আৰু ইয়াৰ মূলতে প্ৰয়োজনীয় চিকৎসকৰ অভাৱ বুলি জানিবলৈ দিয়ে৷ মুঠতে প্ৰায় বোৰ গ্ৰাম্য চিকাৎসালয়ৰে এনেধৰণৰ একোটা ফোপোলাস্বৰূপৰ মাজতে স্বাস্থ্য মন্ত্ৰী হিমন্তই কিহৰ গুণোৎসৱ পাতে সেয়াহে সময়ত লক্ষণীয় হ’ব৷