
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাৰি কৰা ভুৱা বাতৰি সম্বন্ধীয় গাইডলাইন কাৰ্যকৰী নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে মঙলবাৰে এই কথা ঘোষণা কৰি কয় যে কোনো এটা বাতৰি ভুৱা হয় নে নহয় সেই সিদ্ধান্ত ভাৰতীয় প্ৰেছ কাউন্সিলে ল’ব৷
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই বিষয়ে কোনো সিদ্ধান্ত লোৱাৰ প্ৰয়োজন নাই বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে, বিৰোধী দল কংগ্ৰেছ আৰু বিভিন্ন সাংবাদিক সংগঠনে মন্ত্ৰালয়ৰ গাইডলাইনৰ বিৰোধিতা কৰাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে গাইডলাইন কাৰ্যকৰী নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷
উল্লেখ্য যে, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভুৱা বাতৰি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক নতুন নিৰ্দেশ জাৰি কৰিছিল৷ এই নিৰ্দেশ মৰ্মে কোনো সাংবাদিকে যদি ভুৱা বাতৰি পৰিবেশন কৰে, সেই কথা চৰকাৰৰ অৱগত হ’লে প্ৰথমবাৰ ভুৱা বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত ছয় মাহৰ বাবে (এক্ৰেডিচন) স্বীকৃতি বাতিল কৰি দিয়া হ’ব সেই সাংবাদিকজনৰ৷ যদি সাংবাদিকগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে ভুৱা বাতৰি প্ৰচাৰ কৰে তেন্তে এক বছৰৰ বাবে আৰু তৃতীয়বাৰ ভুৱা বাতৰি প্ৰচাৰত যাৱজ্জীৱনৰ বাবে স্বীকৃতি খাৰিজ কৰা হ’ব৷
বিৰোধী দল আৰু বিভিন্ন দল সংগঠনৰ আপত্তিৰ পিছত মঙলবাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এই নিৰ্দেশ বাতিল কৰিব লগা হয়৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক জাননী যোগে এই কথা সদৰী কৰে যে, যদি ভুৱা বাতৰি এটাৰ প্ৰচাৰ প্ৰিন্ট মিডিয়া যোগে হয় তেন্তে ভুৱা বাতৰি সম্বন্ধত ভাৰতীয় প্ৰেছ পৰিষদলৈ অভিযোগ প্ৰেৰণ কৰিব পাৰিব৷
যদি বাতৰিটো বৈদ্যুতিন মাধ্যমৰ যোগে প্ৰচাৰিত হয় তেন্তে নিউজ ব্ৰ’ডকাষ্ট এচ’ছিয়েচনলৈ অভিযোগ প্ৰেৰণ কৰিব পাৰিব৷ বাতৰি এটা ভুৱা হয় নে নহয়, এই সম্পৰ্কে সংস্থা দুটাই ১৫ দিনৰ ভিতৰত বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব বুলিও তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে নতুন নিৰ্দেশ প্ৰদান কৰে৷