15
Aug
2017

নগাঁওঃ বানত বুৰ গৈ থকা শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকে স্বাধীনতা দিৱস পালনত ব্যস্ত থকাৰ সময়তে এটা চৰকাৰী কাৰ্যালয়ত উত্তোলন নহ’ল জাতীয় পতাকা৷
অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ নগাঁও কলিয়াবৰ সংযোজিত কলং সংমণ্ডলৰ অধীনস্থ বৰচিলা উত্তোলন কেন্দ্ৰত স্বাধীনতা দিৱসৰ দিনা উত্তোলন নহ'ল পতাকা৷ ১৮ জনকৈ কৰ্মচাৰী থকা কাৰ্যালয়টোৰ এজনো কৰ্মচাৰীৰ আহৰি নাপালে কাৰ্যালয়টোলৈ আহি চৌহদত জাতীয় পতাকা খন উত্তোলন কৰিবলৈ।
কাৰ্যালয়টোত পুৱাৰে পৰা ওলমি থাকিল তলা। ৰাজ্যখন বানৰ কবলত পৰাৰ পাছতো চৰকাৰী-বেচৰকাৰী বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উলহ-মালহেৰে ৭১ সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ সময়তে এই কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীৰ এনে কাণ্ডক লৈ স্থানীয় ৰাইজে তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।