গুৱাহাটীঃ newsnextone.com-এ যোৱা ১৫ ছেপ্তেম্বৰৰ পৰা কেইবাটাও প্ৰতিবেদন যোগে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত কামৰূপ জিলাৰ ৰঙিয়াত সংঘটিত জিৰাট কেলেংকাৰৰী সমস্ত তথ্য প্ৰকাশ কৰিছিল৷ জিৰাট কেলেংকাৰীৰ তথ্য newsnextone.com-এ ফাদিল কৰাৰ পিছতে ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ জিৰাট কেলেংকাৰীৰ বাতৰি প্ৰচাৰ হোৱাত জিলাখনৰ সৰ্বত্ৰে সৰৱ চৰ্চা চলিছে যদিও ৰজা ঘৰে তদন্তৰ ব্যৱস্থা নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰঙিয়াত৷

তাৰ মাজতে নিজকে মণ্ডল বুলি চিনাকি দি ভূপেন্দ্ৰ লহকৰ নামৰ লোক এজনে বাতৰিটো প্ৰকাশৰ পুৰ্বে অৰ্ণৱ ভৰালী নামৰ লোক এজনে ২ লাখ টকা বিছৰা বুলি অভিযোগ উত্থাপন কৰে৷ নিউজ নেক্সট ওৱানত প্ৰকাশিত বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মণ্ডল শ্ৰী ভূপেন লহকৰে সাংবাদিক তথা ৰাজনৈতিক নেতা অৰ্ণৱ ভৰালীয়ে উক্ত বাতৰি প্ৰকাশ নকৰিবলৈ তেওৰ আৰু ধীৰাজ সাউদৰ পৰা দুই লাখ টকা দাৱী কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

আদালতৰ সহায় ল'ব বুলিও প্ৰকাশ কৰিছে মণ্ডলগৰাকীয়ে। নিউজ নেক্সট ওৱানে স্পষ্ট কৰে যে, নিউজ নেক্সট ওৱানত অৰ্ণৱ ভৰালী নামৰ কোনো সাংবাদিক নাই৷ নিউজ নেক্সট ওৱানৰ সন্মানীয় পাঠক আৰু অসমৰ ৰাইজক জনাও যে নিউজ নেক্সট ওৱানে দুৰ্নীতিৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে আৰু সদায় ৰাইজ হৈ মাত মাতি যাোৱাৰ লগতে দুৰ্নীতি কেলেংকাৰীৰ বাতৰি সদায় নিৰ্ভীক ভাৱে প্ৰকাশ কৰি যাব।