
নগাঁওঃ কেন্দ্ৰীয় চৰকাৰে আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যে বেংক প্ৰতিষ্ঠানৰ জৰিয়তে ঋণ দিয়াৰ আঁচনি গ্ৰহণ কৰিছে৷ তেনে সময়তে একাংশ দুৰ্নীতিগ্ৰস্ত বেংক বিষয়াই ঋণ দিয়াৰ নামত গ্ৰাহকৰ পৰা অবাধে উৎকোচ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷
ঘোচখোৰ বেংক বিষয়াই বিভাগীয় নীতি-নিয়মৰ দোহাই দি প্ৰায়েই হাৰাশাস্তিৰ সন্মুখীন কৰি গ্ৰাহকৰ পৰা কৌশলেৰে লক্ষ লক্ষ টকা উপঢৌকন লৈ ঋণ প্ৰদানৰ সমগ্ৰ প্ৰক্ৰিয়াটো একপ্ৰকাৰে ভেঁকো-ভাওনাত পৰিণত কৰিছে৷
নগাঁও জিলাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ খাগৰিজান শাখাৰ বিষয়া আৰু কৰ্মচাৰীয়ে ঋণ প্ৰদানৰ নামত আহমেদ আলী নামৰ এজন গ্ৰাহকৰ পৰা বুজন পৰিমাণৰ উৎকোচ আদায় লোৱাৰ অভিযোগ উত্থাপন হৈছে৷
দীৰ্ঘদিনে ঋণ প্ৰদান নকৰি গ্ৰাহকজনক প্ৰতাৰণা কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে ৷ বিগত বৰ্ষৰ ৬ ছেপ্টেম্বৰত গ্ৰাহকজনক নগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰই যোগ্যতাৰ ভিত্তিত চিঠি নং DICCN(BC)458/2014--15 PT Vlll/569/4303--4304 যোগে ৭ লাখ টকাৰ চি চি ব্ল’ক বনোৱা ক্ষুদ্ৰ উদ্যোগৰ নামত ঋণৰ অনুমোদন জনায় ৷
ইয়াৰে ৫ লাখ ২৫ হাজাৰ টকা বেংক ঋণ আৰু ১ লাখ ৭৫ হাজাৰ টকা চৰকাৰী ৰাজ সাহায্য অনুমোদিত পত্ৰ গ্ৰাহক আহমেদ আলীৰ নামত অসম গ্ৰামীণ বিকাশ বেংকৰ খাগৰিজান শাখালৈ প্ৰেৰণ কৰে৷
আহমেদ আলীয়ে বেংক শাখাটোৰ পৰিচালক আৰু ক্ষেত্ৰ বিষয়াৰ লগত আলোচনা কৰি বেংকৰ নিয়মানুসৰি প্ৰয়োজনীয় সকলো নথি-পত্ৰ যোগাৰ ধৰাৰ বিপৰীতে উদ্যোগ স্থাপনৰ বাবে উপযুক্ত স্থান নিৰ্বাচন কৰি মাটিৰ ভাড়া, ঘৰ ভাড়া, চি চি ব্ল’ক বনোৱা ফৰ্মা, বেংক একাউন্টকে ধৰি সকলো কাম-কাজ নিয়াৰিকৈ কৰি বেংকত জমা দিয়ে৷
ইয়াৰ পিছতেই বেংকৰ নিয়ম অনুযায়ী বেংক শাখাটোৰ ক্ষেত্ৰ বিষয়াই এই সকলোবোৰ আৱশ্যকীয় নথি-পত্ৰ লাভ কৰাৰ পিছত আনকি উদ্যোগ স্থাপনৰ স্থান আৰু চি চি ব্ল’ক ফৰ্মা পৰিদৰ্শনো কৰে৷
সকলোবোৰ কাম সম্পন্ন হোৱাৰ পিছত ঋণ মোকলাই দিয়াৰ বাবে বেংক শাখাটোৰ জনৈক ভূঞা উপাধিৰ ক্ষেত্ৰ বিষয়াগৰাকীয়ে গ্ৰাহক আহমেদ আলীক নগদ ৪০ হাজাৰ টকা বিচৰাত গ্ৰাহকজনে বহু কাকুতি-মিনতি কৰি ২০ হাজাৰ টকা ক্ষেত্ৰ বিষয়াজনক আদায় দিয়ে৷
কিন্তু পৰিতাপৰ কথা যে, ঋণ লাভেৰে ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ আশাৰে গ্ৰাহক আহমেদ আলীয়ে ইমানখিনিলৈকে প্ৰায় ২ লক্ষাধিক টকা প্ৰয়োজনীয় কাম-কাজত ব্যয় কৰে যদিও বেংক শাখাটোৰ পৰিচালক আৰু ক্ষেত্ৰ বিষয়াই উৎকোচ আদায় লৈও আজিকোপতি বিভিন্ন অজুহাত দেখুৱাই ঋণটো মোকলাই কৰি দিয়া নাই৷
যাৰ ফলত গ্ৰাহক আহমেদ আলী ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে৷ ঋণ পোৱাৰ আশাত নিজৰ সাঁচতীয়া ধনৰ লগতে কোনো কোনো শুভাকাংক্ষীৰ পৰা ধাৰলৈ লোৱা ধন খৰছ কৰি এতিয়া ঋণ লাভ নকৰি তেওঁ মানসিকভাৱে একেবাৰে ভাগি পৰিছে৷ বেংক শাখাটোৰ বিষয়া-কৰ্মচাৰীৰ প্ৰতাৰণাৰ বলি হোৱা আহমেদ আলীয়ে ইতিমধ্যে অসম গ্ৰামীণ বিকাশ বেংকৰ গুৱাহাটীস্থিত কাৰ্যালয়ক সমগ্ৰ বিষয়টো অৱগত কৰিছে যদিও কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই৷