
গুৱাহাটীঃ বিশিষ্ট অভিনেতা বিজু ফুকন আৰু নাই৷ ১৯৪৭ চনৰ ১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা বিজু ফুকনে গুৱাহাটী মহানগৰীৰ এপল’ হস্পিতালত চিকিসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয়৷
মৃত্যুৰ সময়ত তেওৰ বয়স আছিল ৬৯ বছৰ৷ বিজু ফুকন অসমীয়া ছবি জগতৰ খ্যাতনামা অভিনেতা আছিল। বহু চৰ্চিত অসমীয়া কথাছবি ডাঃ বেজবৰুৱাৰ পৰা অভিনয়ৰ জগতত পাতনি মেলা বিজু ফুকনে প্ৰায় ৮০ খন ছবিত অভিনয় কৰি অসমৰ ৰাইজৰ আপোন হৈ পৰিছিল৷
পিছত বৰুৱাৰ সংসাৰ ছবি খনত অভিনেতা হিচাপে কাম কৰি পিছলৈ উভতি চাব লগা হোৱা নাছিল ফুকনে৷ ইখনৰ পিছত সিখন জনপ্ৰিয় ছবি ৰাইজক উপহাৰ দিছিল ফুকনে। বহু ছবিত নায়কৰ ৰূপত অভিনয় কৰি এগৰাকী জনপ্ৰিয় অভিনেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ফুকনে৷
যোৱা প্ৰায় তিনি বছৰৰ পৰা ৰোগত আকক্ৰান্ত হৈ অভিনয়ৰ পৰা আতৰি থাকিলেও অসমীয়াৰ সদায় আপোন আছিল অভিনেতাগৰাকী৷ বিজু ফুকনে অভিনয় কৰা আজলী নবৌ, বোৱাৰী আদি সৰ্বকালৰ সফল অসমীয়া ছবি আছিল বুলি আজিও চৰ্চিত৷
অসমীয়া বোলছবিৰ লগতে বঙালী ভাষাৰ ছবিতো অভিনয় কৰিছিল ফুকনে। দূৰদৰ্শনৰ বিভিন্ন ছিৰিয়েলটো অভিনয় কৰিছিল তেওঁ। তেওঁ পৰিচালক হিচাপেও আত্মপ্ৰকাশ কৰিছিল।
জানিব পৰা মতে, জনপ্ৰিয় অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে অগণন গুনমুগ্ধই চিকিৎসালয়ত ভিৰ কৰে। তেওৰ মৃতদেহ কিছু সময়ৰ পিছতে পাঞ্জাবাৰীৰ বাঘৰবৰীৰ ঘৰলৈ লৈ যোৱা হ’ব৷ বৃহস্পতিবাৰে নৱ গ্ৰহ শ্মশানত চৰকাৰী মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰিব বুলি জানিব পৰা গৈছে৷