মোৰাঝাৰঃ ৰাজ্যৰ ৰাজনীতিৰ একালৰ সংখ্যালঘু নেতা হিচাপে বলিষ্ঠ ভূমিকা পালন কৰা প্ৰাক্তন বিধায়ক, সমাজকৰ্মী মোজাম্মিল আলী চৌধুৰীয়ে শনিবাৰে মৃত্যু বৰণ কৰে৷ মুনামুখৰ নিজ ডবকাৰ ১নং ৱাৰ্ডৰ নিজ বাসগৃহত  ৯০নং যমুনামুখ সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে মৃত্যুক আকোৱালি লয়৷

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা মোজাম্মিল আলী চৌধুৰীৰ বিয়লি চাৰি বজাত মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে গুমমুগ্ধৰে তেওৰ ঘৰ ভৰি পৰে৷ মুনামুখৰ উন্নয়ণৰ ক্ষেত্ৰত আগবাগ লৈ অহা চৌধুৰীয়ে মৃত্যুৰ আগমুহূৰ্তলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল৷

তেওৰ মৃত্যুৰ খবৰ অঞ্চলটোত বিয়পি পৰাত শোকৰ ছাঁ পৰে। ১৯৭৮ চনৰ পৰা ১৯৮৩ চনলৈ জনতা পার্টিৰ যমুনামুখ সমষ্টিৰ ষষ্ঠ গৰাকী বিধায়ক আছিল তেও৷ তেওঁ জনতা চৰকাৰৰ সময়ত সংসদীয় সচিব আছিল৷ তেওঁৰ মৃত্যুত বিন্নাকান্দি ব্লক কংগ্ৰেছ, কৃষক মুক্তি সংগ্ৰাম সমিতি, এনএছইউআই, আদি দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।