নামতিঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ নামতি সমীপৰ মিছাজান কোঁৱৰ গাঁৱৰ নিবাসী তথা মুক্তিযোদ্ধা ভোগেশ্বৰ কোঁৱৰৰ পত্নী গিৰিজাবালা কোঁৱৰৰ (৭৫)ৰ বুধবাৰে বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত মৃত্যু হয়।

অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে স্থানীয় নামঘৰৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত থকা ধর্মপ্রাণ মহিলাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধৰে তেওঁৰ বাসগৃহ ভৰি পৰে৷ মৃত্যুৰ সময়ত তেওঁ স্বামী, দুজন পুত্ৰ-চাৰিগৰাকী জী আৰু বহু আত্মীয় স্বজনক ইহ-সংসাৰত এৰি থৈ গৈছে।

গিৰিজাবালা কোঁৱৰৰ মৃত্যুত নামতি প্রেছ গীল্ড, নামতি আঞ্চলিক ছাত্র সন্থা, আমছু, আটাছুৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতি, নামতি চাৰি আলি সন্মিলিত মুছলিম যুৱ সমাজ আৰু অঞ্চলটোৰ ৰাইজৰ লগতে বহু দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে।