
জাজৰিঃ শংকৰী সংস্কৃতিৰ সাধক, শাস্ত্রীয় সংগীত আৰু তবলা বিশাৰদ, বিশিষ্ট সমাজকৰ্মী মহৎ চন্দ্ৰ ডেকাই শনিবাৰে নিশা মৃত্যুক আকোৱালি লয়৷ নগাঁও জিলাৰ জাজৰি পানবাৰিৰ নিজ গৃহত ৯১ বছৰত মৃত্যুক আকোৱালি লয়৷ ডেকা বৃহত্তৰ জাজৰি অঞ্চলৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল।
ধৰ্মীয় অনুষ্ঠানৰ নামাচাৰ্য, পাঠক, দক্ষিণ জাজৰি সাৰ্বজনীন ৰাস মন্দিৰৰ প্ৰাক্তন সভাপতি, পাঘালী হাইস্কুলৰ প্ৰতিষ্ঠাপক-প্ৰাক্তন সভাপতি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিলপুখুৰী আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি হিচাপে কাৰ্নিৰ্বাহ কৰিছিল বিশিষ্ট নাগৰিকগৰাকীয়ে৷
তেওৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত ৩জন পুত্র, ৩গৰাকী বোৱাৰী, ৩টি নাতি-নাতিনী সহ বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়৷ ডেকাৰ বিয়োগত শ্ৰীমন্ত শংকৰদেৱ সংঘ শিলপুখুৰী আঞ্চলিক, মৰিগাঁও জিলা, দক্ষিন জাজৰি সাৰ্বজনীন ৰাস মন্দিৰ, শংকৰ মন্দিৰ, পাঘালী হাইস্কুল, জাজৰি প্ৰেছ ক্লাৱ, জাজৰি শাখা সাহিত্য সভা, পশ্চিম নগাঁও জিলা সত্র মহাসভা, পাঘালী আঞ্চলিক অসম গণ পৰিষদ, বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা সহ অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।