
জাজৰিঃ নগাঁও জিলাৰ জাজৰিৰ সমীপৰ অফৈলাবড়ি নিবাসী শ্ৰীশ্ৰী দহঘৰীয়া আতা হালধিআটি সত্রৰ প্ৰয়াত সত্রাধিকাৰ ভোলানাথ মহন্তৰ সহধৰ্মিনী প্ৰয়াত গনশিল্পী খগেন মহন্তৰ মামীয়েক সৰুআইটি মহন্তই মঙলবাৰে পুৱা ৪ বজাত নিজা বাসভৱনত মৃত্যুক আকোৱালি লয়৷ বাৰ্ধক্যজনীত কাৰণত ১০৬ বছৰত ধৰ্মপ্ৰাণ মহিলাগৰাকীৰ মৃত্যু হয়৷
মৃত্যুৰ আগমুহূৰ্তলৈ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত থকা বয়োজ্যেষ্ঠ মহিলাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত গুনমুগ্ধৰে তেওৰ ঘৰ ভৰি পৰে৷ অফৈলাবড়িৰ বাসভৱনত অগনন গুনমুগ্ধই শোক প্ৰকাশ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
পশ্চিম নগাঁও জিলা সত্র মহাসভাৰ সম্পাদক বুধিন মহন্ত, জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক ৰাহুল দেৱ বৰদলৈ, স্থানীয় গোপাল আতা কৃষ্টি বিকাশ কেন্দ্ৰৰ বিষয়-ববীয়া, স্থানীয় হৰি-হৰ মন্দিৰৰ বিষয় ববীয়া, খালৈগাঁও-অফৈলাবড়ি শ্ৰীমন্ত শংকৰ মন্দিৰ পৰিচালনা সমিতি উপস্থিত হৈ শতবৰ্ষ গৰকা আইগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত দুজন পুত্র, বোৱাৰী, বহু নাতি-নাতিনী এৰি থৈ যায় তেও। তেওৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।