নাহৰকটীয়াঃ নাহৰকটীয়া সমষ্টিৰ মেৰবিল গাঁও পঞ্চায়তৰ অৰ্ন্তগত চৈয়াং অালি পথটো মেৰামতিৰ অভাৱত জহি-খহি যোৱাত যমৰ যাতনা ভূগিছে ৰাইজে৷ শলগুৰি অালিৰ পৰা দিহিং নদীৰ সমীপবৰ্ত্তী ১০খন গাঁৱৰ ৰাইজৰ আহ-যাহৰ একমাত্ৰ সম্বল চৈয়াং অালিটো।

বছৰ বছৰ ধৰি উক্ত পথটো মেৰমতি নকৰাত পথচাৰীৰ আহ-যাহৰ বাবে অনুপযুক্ত হৈ পৰিছে। বহুবাৰ জোখ-মাপ কৰি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৰ্নিমাণ কৰাৰ অাশ্বাস দিছিল যদিও ৰাজনীতিৰ অভিসন্ধিত নিৰ্মাণ নহল পথটো।

বিভাগীয় কৰ্তৃপক্ষই চৰম অাওঁকাণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। চৈয়াং অালি সংলগ্ন পথটোৰে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰে। পথটোৰ প্ৰায় ২ কিলোমিটাৰ তথা দিঘলী মথাউৰি অংশটো জলসম্পদ বিভাগৰ ঠিকাদাৰে নিৰ্মাণ কৰিছে যদিও মাটি ছটিয়াই দায়িত্ব সামৰাৰ আভিযোগ উঠিছে।

চৰকাৰে পঞ্চায়তৰ জৰিয়তে বহু কাম কৰা বুলি উন্নয়ণৰ ঢাক-ঢোল কোবাই আহিছে যদিও উক্ত পথটো চকুত নপৰাৰ অভিযোগ উঠিছে। স্থানীয় বিধায়ক গৰাকীয়েও সভা সমিতিত দিয়া প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হৈছে। বাৰিষা অহাৰ লগে লগে নৰক যন্ত্ৰনাৰ সন্মুখীন হৈ ক্ষোভিত হৈ পৰে মেৰবিলৰ ৰাইজ৷  অগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পুৰ্বে পথটো নিৰ্মাণৰ ব্যৱস্থা নকৰিলে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ ভাবুকি প্ৰদান কৰে ৰাইজে৷