newsnextone.com | গোৰেশ্বৰঃ শিক্ষাসংস্কাৰৰ কথা কোৱা  শিক্ষা বিভাগে এতিয়া ৰাজহুৱা শিক্ষানুষ্ঠান ধ্বংসৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে । ৰাজ্যখনত পৰ্যাপ্ত শিক্ষক থকা বুলি দম্ভালি মাৰি ফুৰা শিক্ষাবিভাগৰ বৰমুৰীয়াসকলৰ কাণ্ডজ্ঞানহীন কামৰ নমুনাই এতিয়া অন্ধকাৰ নমাই আনিছে ৰাজহুৱা খণ্ডৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ। 

শিশুৰ শিক্ষা অধিকাৰৰ কথা কোৱা শিক্ষা বিভাগৰ দায়িত্বহীনতাৰ বাবে আজি তিনিমাহে এখন প্ৰাদেশিকীকৃত প্ৰাথমিক বিদ্যালয় এজনো শিক্ষক নহোৱাকৈ চলি আছে। বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পূব ডেফেলী মৌজা তথা তামুলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ভোলাঝাৰৰ নাথচুবা স্থিত ১নং পূব ভোলাঝাৰ প্ৰাথমিক বিদ্যালয়ত আজি তিনিমাহে এজনো শিক্ষক উপস্থিত নথকাৰ অভিযোগ উত্থাপিত হৈছে৷

অভিযোগ অনুসৰি, ছাত্ৰ-ছাত্ৰীয়ে দৈনিক ৰাতিপুৱা বিদ্যালয়লৈ বুলি আহে কিন্তু নাহে কোনো ছাৰ-বাইদেউ। দিনৰ বাৰ মান বজালৈ এনেয়ে থাকি বা  খেল-ধেমালি কৰি ঘৰমুৱা হয় ছাত্ৰ-ছাত্ৰীসকলে। 

২৩ গৰাকী ছাত্ৰ-ছাত্ৰী থকা ১৯৭৩ চনতে স্থাপিত বিদ্যালয়খন বিগত তিনিমাহ আগলৈ এজনীয়া শিক্ষকৰে চলি আছিল। এনেধৰণৰ এখন বিদ্যালয়ে আকৌ এইবেলি দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা গুণোৎসৱত ‘বি’ গ্ৰেড পাবলৈও সক্ষম হৈছে। কিন্তু প্ৰধান শিক্ষক বিপিন বৰুৱা আন এখন বিদ্যালয়লৈ বদলি হৈ যোৱাত এতিয়া শিক্ষক শূণ্য হৈ পৰিছে বিদ্যালয়খন। 

পিছপৰা অঞ্চলৰটোৰ দুখীয়া অভিভাৱকসকল এতিয়া চিন্তিত হৈ পৰিছে নিজৰ সন্তানৰ ভবিষ্যতক লৈ। কিয়নো আজি তিনিমাহে কোনো পঢ়া-শুনা হোৱা নাই ছাত্ৰ-ছাত্ৰী সকলৰ। যি সময়ত আন বিদ্যালয়ত ছয়মাহিলি পৰীক্ষা চলি আছে সেই সময়তো ১নং পূব ভোলাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ধিটিঙালী কৰিয়েই সময় পাৰ কৰিব লগা হৈছে। ইফালে বিদ্যালখনত মধ্যাহ্ন ভোজনৰ আঁচনি বন্ধ হৈ থকা বুলিও জানিব পৰা গৈছে৷ 

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভবিন নাথে জনাইছে যে তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক এই বিষয়ে অৱগত কৰোৱাৰ পিছত নতুন শিক্ষক আন বিদ্যালয়ৰ পৰা বদলি কৰি অনাৰ তিনিখন আদেশ পত্ৰ আহিল যদিও আজিলৈ এজনো শিক্ষকে কৰ্তব্যত যোগদান কৰা নাই। জীতেন ডেকা, বিপুল ডেকা আৰু শেষতীয়াভাৱে মদন কুমাৰ নামৰ শিক্ষক কেইজনক এইখন বিদ্যালয়ত যোগদান কৰিবলৈ বিভাগীয় ভাৱে আদেশ দিয়াৰ পিছতো আজিলৈ কোনো এজনে যোগদান কৰা নাই। 

এতিয়া এইসকল ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত কি হ’ব তাকে লৈ বিদ্যালয় পৰিচালনা সমিতিয়ো চিন্তিত হৈ পৰিছে। জানিব পৰা মতে, উক্ত শিক্ষকসকলৰ একাংশই বিদ্যালয়ত যোগদান নকৰি স্থগিতাদেশৰ পত্ৰ বিভাগীয় ভাৱে হাত কৰি লৈছে। ইপিনে, ডিচেম্বৰ মাহতে বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰা বুলি অহংকাৰ কৰা শিক্ষামন্ত্ৰীৰ ভাষ্যৰ বিপৰীতে বিভাগটোৰ হেমাহিৰ বাবে এই বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ বিদ্যাৰ্থীয়ে আজিলৈ চুই পোৱা নাই হিন্দী, সমাজবিজ্ঞান আৰু বিজ্ঞানৰ পাঠ্যপুথি। 

একেদৰে প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ বিদ্যাৰ্থীয়েও বিজ্ঞান, সমাজ বিজ্ঞান আৰু পৰিৱেশ আদি বিষয়ৰ পাঠ্যপুথি লাভ নকৰাকৈয়ে পাৰ কৰিলে শিক্ষাবৰ্ষৰ মূল্যবান ছয়মাহ। প্ৰকৃততে ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহক বন্ধ কৰি শিক্ষাখণ্ডক সম্পূৰ্ণৰূপে ব্যক্তিগতখণ্ডক গতোৱাৰ এয়া অভিসিন্ধি বুলিও ভাবিবলৈ বাধ্য হৈছে সচেতন মহল। 

এইসকল ছাত্ৰ-ছাত্ৰীৰ যদি প্ৰাথমিক শিক্ষা লাভৰ অধিকাৰ নাই তেন্তে শিশুৰ শিক্ষা অধিকাৰৰ শ্ল’গান দিয়া চৰকাৰে বন্ধ কৰক অন্যথা শীঘ্ৰেই কমেও তিনিজন শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক বুলি দাবী জনাই স্থানীয় ৰাইজ তথা অভিভাৱকসকলে ক্ষোভ উজাৰিছে৷