
মঙলদৈঃ ৰাজ্যৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পুতৌ লগা ছবি। শিক্ষকৰ অনুপস্থিতিৰ বাবে আজি এখন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হ'বলগীয়া হৈছে দ্বিতীয় মূল্যাংকন পৰীক্ষাৰ পৰা। দৰং জিলাৰ থেকেৰাবাৰীস্থিত বিদ্যালয়খনৰ তিনি গৰাকী শিক্ষকৰ এগৰাকীও উপস্থিত নথকাত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী কোঠাৰ ভিতৰত-বাহিৰত খেল-ধেমালি কৰি অতিবাহিত কৰিছে মূল্যৱান সময়।
এই কাৰ্য্যত ক্ষোভিত অভিভাৱকসকলে প্ৰাথমিক বিদ্যালয়খন ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে। দৰং জিলাৰ কলাইগাওঁ প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ধনখুন্দা প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে তিনি গৰাকীকৈ শিক্ষকৰ অনুপস্থিতিৰ ফলত দ্বিতীয় মূল্যাংকন পৰীক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে।
সময়মতে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ত উপস্থিত হৈছিল যদিও শিক্ষকৰ অনুপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ পৰা বঞ্চিত হৈ খেল-ধেমালি কৰি অতিবাহিত কৰিছে মূল্যৱান সময়।
১৯৫০ চনতে স্থাপিত ৭০ গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত বৰ্তমান তিনিগৰাকী শিক্ষক নিযুক্ত হৈ আছে যদিওঁ কৰ্ম-সংস্কৃতি নথকা বিদ্যালয়খনৰ শিক্ষক তিনিগৰাকীয়ে প্ৰায়ে অনুপস্থিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুদ্ধ অভিভাৱকসকলে।
ইপিনে বহু পলমকৈ আহি বিদ্যালয়ত উপস্থিত হোৱা শিক্ষয়ত্ৰী দুগৰাকীক ক্ষোভিত অভিভাৱকসকলে জৱাবদিহি কৰাৰ লগতে বিদ্যালয় ঘেৰাওঁ কৰি পৰিৱেশ উত্তাল কৰি তোলে। ক্ষুদ্ধ অভিভাৱকসকলে শিক্ষকৰ অনুপস্থিতিৰ বাবে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকল দ্বিতীয় মূল্যাংকন পৰীক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হোৱা গুৰুতৰ বিষয়টোৰ উচিত তদন্ত কৰিবলৈ অভিভাৱকসকলে উৰ্ধতন কৰ্তৃপক্ষক দাবী জনাইছে।