07
Nov
2017

Spirited Singapore
নলবাৰীঃ যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ হৈ পৰা মদ জুৱা বিৰুদ্ধে জাগিছে নলবাৰীৰ সচেতন নাগৰিক৷ একাংশ যুৱক তিল তিলকৈ ধ্বংসৰ দিশে আগবাঢ়ি গৈ থকাত সচেতন নাগৰিক চিন্তিত হৈ পৰিছে ৷ দৌলাশাল উন্নতি সাধিনী সভাই দৌলাশাল বজাৰ এলেকাৰ ভিতৰত মদ-জুৱা নিষিদ্ধ কৰা বুলি উন্নতি সাধিনী সভাৰ সম্পাদক ফুকন নাথে জানিবলৈ দিয়াৰ লগতে এই ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগ কামনা কৰে।
তাৰ মাজতে সোমবাৰে নলবাৰীৰ বৰক্ষেত্ৰীৰ দৌলাশালত দৌলাশাল উন্নতি সাধিনী সভাই দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ সহযোগত দৌলাশাল অঞ্চলত চাফাই অভিযান চলাই৷ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ জোৱানসকলৰ লগতে মহিলা জোৱানসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। স্বচ্ছ ভাৰত অভিযানত উন্নতি সাধিনী সভাৰ কেইবাগৰাকী বিষয়-ববীয়া উপস্থিত থাকে।উন্নতি সাধিনী সভাৰ এনে সাহসী পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে।