বাহকাবাৰীঃ নগাঁও জিলাৰ এখন বিদ্যালয়ত পুৱাৰে পৰা ওলমি থাকিল তলা। জিলা খনৰ কামপুৰৰ এখন বিদ্যালয় ৰাষ্ট্ৰীয় পতাকা উত্তোলন নকৰাত ৰাইজ ক্ষোভিত হৈ পৰে।

ৰাজ্যখন বানৰ কবলত পৰাৰ পাছতো চৰকাৰী-বেচৰকাৰী বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উলহ-মালহেৰে ৭১ সংখ্যাক স্বাধীনতা দিৱস পালন কৰাৰ সময়তে বিদ্যালয়খনত নুৰিল ৰাষ্ট্রীয় পতাকা। আনকি বিদ্যালয়ৰ দুৱাৰত ওলমি থাকিল তলা।

উপস্থিত নাথাকিল শিক্ষক-কৰ্মচাৰী। পতাকা উত্তোলন নোহোৱা এই বিদ্যালয়খন হৈছে কামপুৰ ৰঙাগড়া ৰাংচিনা মধ্য ইংৰাজী বালিকা বিদ্যালয়। স্থানীয় ৰাইজে দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱসত পতাকা উত্তোলন নকৰাত তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।