কোকৰাঝাৰঃ কোকৰাঝাৰ থানাৰ অন্তৰ্গত  মাগুৰমাৰীৰ ৰাজপথত আজি এগৰাকী মহিলা মটৰচাইকেলৰ পৰা বাগৰি পৰি থিতাতে নিহত হয়৷

নিহত মহিলাগৰাকীক কোকৰাঝাৰ চহৰৰ শান্তিনগৰৰ (ওৱাৰ্ড নং- ১) পিংকী বৰ্মন দাস (৩১) বুলি জনা গৈছে ৷

প্ৰাপ্ত বাতৰি মতে আজি পুৱা সঞ্জয় দাসে নিজৰ এ এছ ১৬ ই ৬১৫১ নম্বৰৰ মটৰচাইকেলৰে পত্নী পিংকী বৰ্মন দাসক লৈ ফকিৰাগ্ৰাম অভিমুখে তীব্ৰ বেগেৰে যাওঁতেই মটৰ চাইকেলৰ পিছপিনে বহি থকা পিংকী বৰ্মন দাস পকীপথৰ ওপৰতে বাগৰি পৰে আৰু ঘটনাস্থলীতে মৃত্যুমুখত পৰে।