27
Feb
2017

ফিনলেণ্ডঃ নকিয়াৰ সাপখেল মনত আছেনে? সেই নষ্টালজিয়াক এক নতুন ৰূপত লৈ আহিছে নকিয়া কোম্পানীয়ে। সুদীৰ্ঘ ১৭ বছৰৰ মুৰত পুনৰ বজাৰলৈ আহিছে সাপখেলৰ সেই শিহৰণ। ৩৩১০ ফিচাৰ মডেলেৰে পুনৰ ঘুৰি আহিছে ন’কিয়া৷ দেৰ দশকৰ মুৰত দেওবাৰে মুকলি কৰা হয় নকিয়া ৩৩১০৷
এইবাৰ পিছে কেমেৰা, ৰেম আৰু বেটাৰীৰে সাজি-কাচি আহিছে নকিয়া ৩৩১০। ২ মেগাপিক্সেল কেমেৰা, ১৬ এমবি ৰেম আৰু ১২০০ মিলিএম্পিয়াৰ বেটাৰি পাৱাৰেৰে ম’বাইলৰ জগতখনত নতুন ৰূপত আহিব নকিয়া। ন’কিয়া ৩৩১০ ৪ টা বিশেষ ৰঙত বজাৰত উপলব্ধ হ’ব৷ প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া আৰ্টো নাম্মেলাই এই নতুন ফোনটোক হলিডে ফোন আখ্যা দিয়ে।
তদুপৰি কেৱল ফিছাৰ হেণ্ডছেটেই নহয়, এনড্ৰয়ড হেণ্ডছেটো মুকলি কৰিব ন’কিয়াই৷ ন’কিয়া ৬ ন’কিয়া ৫ আৰু ন’কিয়া ৩ এই তিনিটা নতুন এনণ্ড্ৰয়ড আহিব বজাৰলৈ৷