পাথৰিঘাটঃ পশ্চিম দৰঙৰ ননৈ নৈৰ খহনীয়াক লৈ সেনাপতিপাৰা, মহলীয়াপাৰা, ৰামগাঁও, হাপামাৰাকে ধৰি বিস্তৃত অঞ্চলত ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে খহনীয়াই। নৈখনৰ মথাউৰিৰ প্ৰতিও সৃষ্টি হৈছে ভাবুকী।

খহনীয়াৰ ফলত নৈখনৰ সোঁত পূব দিশৰ মথাউৰিৰ নিচেই কাষ পোৱাত অঞ্চলবাসী শংকিত হৈ পৰিছে। বিগত বৰ্ষতো উক্ত অঞ্চলত খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছিল যদিও খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে কোনো দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

নৈখনৰ সোঁত সলনি কৰিবলৈ জলসম্পদ বিভাগে উক্ত অঞ্চলত পৰ্কুপাইন দিয়াৰ নামত ভেঁকোভাওনা কৰা বুলি ৰাইজে অভিযোগ তুলিছে।

নৈখনত জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে শংকিত হৈ পৰা ৰাইজে খহনীয়াৰোধৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ  লগতে সমষ্টিৰ বিধায়ক মহোদয় দাবী জনাইছে। তিপ্ৰসাদ ডেকা