
newsnextone.com।নগাঁওঃ নগাঁও জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ননৈ মহাবিদ্যালয়ত পৰীক্ষাৰ মাছুল বৃদ্ধি কৰাত ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্তৰে ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়খনৰ পৰিবেশ উত্তাল কৰি তোলে। জানিব পৰা মতে, ছাত্র-ছাত্রীসকলে বিশেষকৈ কোনো জাননী নিদিয়াকৈ পৰীক্ষাৰ মাছুল বৃদ্ধি কৰা কাৰ্যত অসুবিধাৰ সন্মুখীন হৈ শ্ৰেণী কোঠা বৰ্জন কৰি উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰে। অানহাতে, ছাত্ৰ একতা সভা নিৰ্বাচন অনুষ্ঠিত নকৰাৰ আন এক অভিযোগ তুলি ছাত্র একতা সভাক কোনো ধৰণৰ ক্ষমতা অৰ্পণ নকৰাৰ বাবেও ক্ষোভিত হৈ মহাবিদ্যালয়ৰ প্ৰশাসনৰ ওপৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে। অৱশ্যে পিছত অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক আলোচনাৰে পৰিস্থিতি শাম কাটে।