দুলীয়াজানঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত সমন্বয়, ভাতৃত্ব বোধ অধিক কটকটীয়া কৰাৰ লক্ষ্যৰে তৈল নগৰী দুলীয়াজানত অনুষ্ঠিত হ’ব উত্তৰ পূৰ্বাঞ্চল ভিত্তিত মেগা ফেষ্টিভেল৷ অহা ১৬-২৮ জানুৱাৰীলৈ নৰ্থ ইষ্ট ফেষ্টিভেল-২০১৮ দুলীয়াজানবাসীয়ে অনুষ্ঠিত কৰিব।

দুলীয়াজানৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘ৰামধেনু’ৰ উদ্যোগত টিপলিঙৰ সমীপৰ বৰুৱা তিনিআলিত অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ফেষ্টিভেল-২০১৮৷ ৰামধেনুৰ সম্পাদক প্ৰণৱ বড়াই দুলীয়াজনৰ সকলো প্ৰকাৰৰ লোক মিলিত হৈ এই অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে৷

ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলােৱা পৰিলক্ষিত হৈছে৷ উত্তৰ-পূবৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ সম্বন্বয় গঢ়ি তোলাৰ উদ্দেশ্যে অনুষ্ঠিত হ’বলগীয়া নৰ্থ ইষ্ট ফেষ্টিভেলত থলুৱা নৃত্য, গীত, লোককৃষ্টি, পৰম্পৰাগত খাদ্য আদি প্ৰচাৰ প্ৰসাৰত গুৰুত্ব প্ৰদান কৰা হ’ব৷ চাৰ্কাচ, থিয়েটাৰ, বাণিজ্যমেলা, গ্ৰন্থমেলা আদি বিভিন্ন ধৰনৰ কাৰ্যসূচী হাতত লোৱাৰ কথা সংবাদ মাধ্যমক অৱগত কৰে। অনুষ্ঠানত উত্তৰ-পূবৰ ৰাজ্য সমূহৰ মাজত প্ৰতিযোগিৰ মাজত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷