ডিফুঃ শিক্ষক দিৱস নহয় কলা দিৱস পালন কৰিব অসম বিশ্ববিদ্যালয়ৰ শিক্ষকে৷ ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ সকলৰ অন্যতম ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আছিল।

পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিন ৫ চেপ্তম্বৰত দিনটো সমগ্ৰ দেশতে বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস ৰূপে পালন কৰা হয়৷ সমগ্ৰ ৰাজ্যই শিক্ষক দিৱস পালন কৰিব যদিও ডিফুস্থিত অসম বিশ্ববিদ্যালয় শিক্ষকসকলে কলা দিৱস পালন কৰিব৷

অল ইণ্ডিয়া ফেডাৰেছন ইউনিভাৰচিটি এণ্ড কলেজ টিচাৰ্ছ অৰ্গেনাইজেছন চমুকৈ এইডিচিটিএইৰ আহ্বান মৰ্মে ভাৰত চৰকাৰে ইউ জিচিৰ সপ্তম দৰমহা সংস্কৰণ আয়োগ ৰূপায়ণত বিলম্ব হোৱাত ক্ষোভিত হৈ শিক্ষক দিৱসত ক’লা দিৱস পালন কৰিব৷ অসম বিশ্ববিদ্যালৰ প্ৰশাসনিক বিল্ডিঙৰ সন্মুখত শিক্ষক সকলে গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে৷

শীঘ্ৰে ইউ জিচিৰ সপ্তম দৰমহা সংস্কৰণ আয়োগৰ সিদ্ধান্তক ৰূপায়ণ কৰা, কম পক্ষেও ৫ বছৰলৈ বিশ্ববিদ্যালয় আৰু কলেজ শিক্ষকসকলৰ ৭ম দৰমহা ৰূপায়ণৰ বাবে প্ৰয়োজন হোৱা এশ শতাংশ আৰ্থিক সাহায্য কেন্দ্ৰীয় চৰকাৰে বহন কৰা, ২০০৪ চনৰ পেঞ্চন আঁচনি বাতিল কৰি সকলো শিক্ষকৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰা, অনুষ্ঠাপন পাঠ্যক্ৰমৰ বাবে থকা এপিআই আৰু দিন তাৰিখ বাতিল কৰাৰ দাবীত শিক্ষকসকলে পুৱা ১০ বজাৰ পৰা দুই বজালৈ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সংগঠনটোৰ সাধাৰণ সম্পাদক ড০ ভুলি ধনৰাজুৱে এক বিবৃতি যোগে জানিবলৈ দিয়ে৷