
বঢ়মপুৰ, ৩ মে', ২০১৭ঃ বিহুৰ প্ৰতিখন মঞ্চতে জুবিনৰ ন-ন ৰূপ দেখিবলৈ পাইছে দৰ্শকে। কোনোখন মঞ্চত যদি বাদ্যযন্ত্ৰী ৰূপত, কোনোখনত আকৌ ষ্টাণ্টমেনৰ ৰূপত দেখিবলৈ পোৱা গৈছে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গক।
ইয়াৰ মাজতে একাধিক বিষয়ক লৈ বিতৰ্কৰ আৱৰ্ততো সোমাই পৰিছে শিল্পীগৰাকী। কিছুদিন পূৰ্বে হিন্দী গীত বিতৰ্কতো সোমাই পৰিছিল জুবিন। সময়ে সময়ে হিন্দী গীত গাবই বুলি আকোৰগোজ হৈ থকা শিল্পীগৰাকীয়ে এইবাৰ গাব চীনা গান।
যোৱা নিশা চামগুৰিত প্ৰায় দহ সহস্ৰাধিক সংগীতপ্ৰেমীৰ সন্মুখত জুবিনে কয় যে এইবাৰ হিন্দী নহয়, তেওঁ গাব চাইনীজ ভাষাৰ গান। "এইবাৰ হিন্দী নহয়, চাইনীজ গাম, চাইনীজ। এইকেইদিন চাইনীজ গাবৰ বাবে প্ৰেকটিছ কৰি আছো।"- মিচন চাইনাৰ শুভমুক্তিৰ বিষয়ে ক'বলৈ গৈ ধেমালিৰ সুৰত এইদৰে কয় শিল্পীগৰাকীয়ে।
এনেদৰে একাধিক খুহুতীয়া মন্তব্যৰে দৰ্শকক আপ্লুত কৰা জুবিনে চামগুৰিৰ মঞ্চত গীতৰ লগতে সহঃশিল্পীয়ে গীত পৰিৱেশন কৰি থকাৰ সময়ত বাদ্যযন্ত্ৰতো হাত দিয়ে। নিশা প্ৰায় ১২ মান বজাৰ পৰা আৰম্ভ হোৱা সংগীতানুষ্ঠানত অসমীয়া ভাষাৰ লগতে বাংলা আৰু হিন্দী গীতো পৰিৱেশন কৰে জুবিনে।
এই সংগীতানুষ্ঠানত নগাঁৱৰ জুবিন ফ্ৰেণ্ডচ ক্লাৱৰ সদস্যসকলে কণ্ঠশিল্পীগৰাকীক কেইবাখনো চিত্ৰ উপহাৰ দিয়ে। গীত গোৱাৰ মাজে মাজে জনপ্ৰিয় শিল্পীগৰাকীয়ে ৰাইজক কৈ গ'ল বহু গুৰুত্বপূৰ্ণ কথা।
তেজপুৰৰ জোনাকী আৰু আনোৱাৰা হলৰ দৰে চামগুৰিতো কোনো সদাশয় লোকক এটা চিনেমা হল খুলিবলৈ আহ্বান জনায় শিল্পীগৰাকীয়ে। লগতে অসমীয়া কথাছবিৰ প্ৰতি আগ্ৰহী হ'বলৈ ৰাইজক অনুৰোধ জনায় জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।