Image for Representation
Image for Representation

কোকৰাঝাৰঃ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ বাবে ৩১ ডিচেম্বৰৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়াত আগন্তুক চাৰিমাহ খিলঞ্জীয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় বুলি মন্তব্য কৰি আছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কাম ক্ষিপ্ৰ আৰু নিখুঁতভাৱে কৰাৰ স্বাৰ্থত জিলা উপায়ুক্তৰ নেতৃত্বত দায়বদ্ধ বিষয়াৰ গোট গঠনৰ দাবী উত্থাপন কৰিছে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ সন্দৰ্ভত  আজি কোকৰাঝাৰ জিলা আছুৰ সভাপতি সুবোধ ৰায় আৰু সাধাৰণ সম্পাদক সবিন শৰ্মা স্বাক্ষৰিত এক স্মাৰকপত্ৰ  জিলা উপায়ুক্তক প্ৰদান কৰি আছুৱে উক্ত দাবী উত্থাপন কৰিছে।

স্মাৰকপত্ৰত জিলা আছুৱে উল্লেখ কৰে যে বৰ্তমান ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ গুৰুত্বপূৰ্ণ পৰীক্ষা নিৰীক্ষাৰ কাম চলি থকাৰ সময়তে অবৈধ বাংলাদেশীয়ে ভুল তথ্যৰে নিজৰ নাম উন্নীত নাগৰিকপঞ্জীত অন্তৰ্ভূক্ত কৰিবলৈ উঠিবলৰি লাগিছে।

অবৈধ বাংলাদেশীয়ে যাতে ভুল তথ্যৰে কোনো কাৰণতে নিজৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰিব নোৱাৰে তাৰ বাবে ফলপ্ৰসু পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই উপায়ুক্তৰ নেতৃত্বত দায়বদ্ধ বিষয়াৰ গোট গঠন কৰিবলৈ আহ্বান জনাইছে।

উক্ত গোটটোক আগন্তুক চাাৰিমাহ কেবল অবৈধ বাংলাদেশী নামমুক্ত নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম কাজক হে নিয়োজিত কৰিবলৈ জিলা উপায়ুক্তৰ প্ৰতি আহ্বান জনাইছে আছুৰ কোকৰাঝাৰ জিলা সভাপতি সুবোধ ৰায় আৰু সাধাৰণ সম্পাদক ছবিন শৰ্মাই।