
গুৱাহাটীঃ বিদেশী খেদাৰ নামত ৬ বছৰীয়া অসম আন্দোলন কৰা হ’ল৷ আন্দোলনত বহু অসমীয়া ডেকাই অকালতে প্ৰাণ দিলে। অসম চুক্তি হ’ল আৰু দীৰ্ঘ সময়ৰ অন্তত অৱশেষত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত এন আৰ চি প্ৰস্তুতৰ বাট মুকলি হ’ল। কিন্তু এনআৰচিক লৈ অসমীয়া ৰাইজৰ আশংকা দুৰ নহ’ল৷
দেশৰ শীৰ্ষ আদালতে এনআৰচি সন্দৰ্ভত অসম চৰকাৰৰ ওপৰত সময়ে সময়ে হেঁচা প্ৰয়োগ কৰি আহিছে৷ অন্যথাই হয়তো আৰু এশ বছৰলৈ এনআৰচি প্ৰস্তুত নহ’লহেতেন। ঐতিহাসিক অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত পোৱা এন আৰ চিৰ প্ৰথমখন খচৰা ইতিমধ্যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশ পায়।
অসমৰ খিলঞ্জীয়া জনসাধাৰণে আশা কৰিছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে অসমত থকা বিদেশী চিনাক্ত হ’ব আৰু অসম বিদেশী মুক্ত হ’ব৷ কিন্তু কিমান নিকা আৰু স্বচ্ছতাৰে প্ৰকাশ হল প্ৰথমখন খচৰা৷ এই প্ৰশ্ন এতিয়া সকলোৱে উত্থাপন কৰিবলৈ আৰম্ভ হৈছে৷
এন আৰ চিৰ কামত নিয়োজিত একাংশ দ্বায়িত্বজ্ঞানহীন বিষয়া-কৰ্মচাৰীৰ বাবেই ৰাজ্যৰ কেইবাঠাইতো আদালতে বিদেশী বুলি ঘোষণা কৰা লোকৰ নাম সন্নিৱিষ্ট হোৱাৰ দৰে ঘটনা পোহৰলৈ আহিছে৷ এইবাৰ অসমৰ এটি সংগঠনে নাগৰিক পঞ্জীৰ গইনা লৈ ৰাজ্যৰ স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত দুখন জিলাত জন্ম আৰু মৃত্যুৰ প্ৰমাণ পত্ৰক লৈ ব্যাপক ব্যৱসায় চলি থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে৷ নিশাৰ ভিতৰতে জন্ম-মৃত্যুৰ প্ৰমাণ পত্ৰ লাভ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই৷
শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি এই অভিযোগ উত্থাপন কৰে৷ অসমীয়া যুৱ মঞ্চৰ অভিযোগ অনুসৰি ৰাজ্যৰ দুখন স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত বৰপেটা আৰু কাছাৰ জিলাত এনআৰচিৰ পঞ্জীয়নৰ নামত অনিয়ম সংঘটিত হৈ আহিছে৷
একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়াই অৰ্থৰ লোভত জন্ম আৰু মৃত্যুৰ ভূৱা প্ৰমাণ পত্ৰ প্ৰদান কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণত কেংলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই৷