
গুৱাহাটীঃ কংগ্ৰেছৰ দিনতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাৰ ৰাজ্যত আৰম্ভ হৈছিল যদিও আজিলৈ সম্পূৰ্ণ নহল৷ একাংশ লোকৰ অৱহেলাৰ বাবে তথা সংগঠনৰ বাবে NRC সম্পূৰ্ণ কৰাত আউল লগা বুলি সময়ে সময়ে প্ৰচাৰ হৈ আহিছে যদিও চৰকাৰৰ সদিচ্ছাক লৈয়ো প্ৰশ্ন উত্থাপন হ’ব ধৰিছে৷ কিয়নো বৃহস্পতিবাৰে দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়লয়ে কেন্দ্ৰ-ৰাজ্য চৰকাৰক NRC কাম সন্দৰ্ভত তীব্ৰ সমালোচনা কৰা বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, বৃস্পতিবাৰে NRC সন্দৰ্ভত উচ্চতম ন্যায়লয়ে শুনানি গ্ৰহণ কৰে৷ বিচাৰপীঠ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনে শুনানি গ্ৰহণ কৰি কেন্দ্ৰ-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ কিয়নো NRCৰ খছৰা প্ৰকাশৰ দিন আছিল ৩১ ডিচেম্বৰ৷ ইতিমধ্যে বিভিন্ন দল-সংগঠনে উৎসুক হৈ পৰিছিল NRCৰ খচৰাক লৈ৷
দীৰ্ঘদিনীয়া এটি সমস্যা সমাধানৰ দিশে আগবঢ়াৰ লগতে ৩১ ডিচেম্বৰ ইতিহাসৰ এটি গৌৰৱময় দিন হিচাপে পৰিগণিত হ’ব বুলি সকলোৱে বাট চাইছিল ৩১ ডিচেম্বৰৰ দিনটোলৈ৷ কিন্তু NRCৰ লাখ লাখ নথি-পত্ৰ পৰীক্ষণ আজিও কৰিবলৈ বাকী থকাত ৩১ ডিচেম্বৰত খচৰা প্ৰকাশ নকৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে৷ কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ চূড়ান্ত অৱহেলাৰ বাবে ৩১ ডিচেম্বৰত NRCৰ খচৰা নোলাবও পাৰে নতুবা আশা ক্ষীণ বুলি জানিব পৰা গৈছে৷