কোকৰাঝাৰঃ  বৈধ নথিপত্ৰ থকা সত্বেও বেংগলীক অযথা হাৰাশাস্তি কৰাৰ পৰিণতিতে ৰাজ্যত পাঁচজনকৈ লোকে আত্মহত্যা কৰিছে । তামুলপুৰৰ বিনয় চন্দ , খেৰাবাৰীৰ গোপাল দাস , খাৰুপেটীয়াৰ নিৰদবৰণ দাস ,খাগ্ৰাবাৰীৰ দীপক দেৱনাথ আৰু দুলীয়াজানৰ সঞ্জীত দাস বৈধ নাগৰিক হোৱা সত্বেও  ডি ভোটাৰৰ জাননি লাভ কৰাৰ পিছতেই বিদেশীৰ অপবাদ সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰিছে । এই বিস্ফোৰক অভিযোগ প্ৰকাশ কৰিছে বিটিচি বেংগলী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মণ্টু দেই ।

আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত হোৱা এক সংবাদমেলত বিটিচি বেংগলী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মণ্টু দেই উক্ত গুৰুতৰ অভিযোগ কৰি উপযুক্ত নথি পত্ৰ থকাৰ পিছতো বেংগলী সম্প্ৰদায়ৰ একাংশ লোকক অযথা হাৰাশাস্তি কৰা কাৰ্যক তীব্ৰ গৰিহণা দি হাৰাশাস্তি বন্ধ কৰিবলৈ আহ্বান জনায় । তদুপৰি সংবাদমেলত নেতাগৰাকীয়ে  একাংশ ব্যাক্তিৰ উগ্ৰ জাতিয়তাবাদৰ ব্যাক্তিৰ বাবেই বেংগলীৰ সতে অসমীয়াৰ সংঘাত সৃষ্টি হোৱা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰে । সংবাদমেলত সকলোকে সমিল-মিলেৰে থাকিবলৈও আহ্বান জনাইছে মণ্টু দেই ।