newsnextone.com | গুৱাহাটীঃ ৩০ জুনত এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ নাপায় এই খবৰ নিশ্চিত কৰি দেশৰ শীৰ্ষ আদালতত এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই দিন পিছুৱাই দিবলৈ আৰ্জি জনাইছিল৷ নতুন দিন ঘোষণা সন্দৰ্ভত আদালতে ২ জুলাইৰ দিন ধাৰ্য কৰে শুনানিৰ বাবে৷ ফলত সোমবাৰে উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ’ব৷ চৰকাৰ এনআৰচি কৰ্তৃপক্ষৰ মত শুনিব আদালতে৷ শেহতীয়াকৈ অসমত হোৱা বানপানী আৰু নেৰেনেপেৰা বৰষুণৰ বাবে প্ৰায় ১০টা দিন এনআৰচিৰ কামৰ ক্ষতি হৈছে বুলি এনআৰচি কৰ্তৃপক্ষই দাবী কৰিছিল৷ এনআৰচিৰ কৰ্তৃপক্ষই বন্ধ খামত ন্যায়ালয়ত আবেদন জনাইছিল উচ্চতম ন্যায়ালয়ত৷

নতুন দিন ঘোষণা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাই এনআৰচিৰ মুখ্য সমন্বয়ত প্ৰতীক হাজেলাই৷ আদালতে পুনৰাই এটা নতুন দিন ঘোষণা কৰাৰ সম্ভাৱনাই দেখা দিছে৷ ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰে এনআৰচিৰ খচৰা প্ৰকাশৰ দিন পিছুৱাবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনায়৷ 

অহা ৩০ জুনত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ে শেষ সীমা নিৰ্ধাৰণ কৰিছিল৷ কিন্তু বান পৰিস্থিতিয়ে এনআৰচিৰ কাম স্থবিৰ কৰা বুলি দাবী কৰে  এনআৰচি কৰ্তৃপক্ষই৷ যাৰ বাবে কেন্দ্ৰী-ৰাজ্য চৰকাৰে পূৰ্বে নিৰ্ধাৰিত দিন পিছুৱাই দিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে৷ সোমবাৰে উচ্চতম ন্যায়ালয়ত হ’ব NRCৰ শুনানি। ৩০ জুনত NRCৰ সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিব নোৱাৰা সন্দৰ্ভত শুনানি কালত কি সিদ্ধান্ত লয় আদালতে সেয়াৈ হ’ব লক্ষ্যণীয়৷ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠা ন্যায়াধীশ ৰঞ্জন গগৈৰ দুজনীয়া বিচাৰপীঠত প্ৰতীক হাজেলাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব৷