নলবাৰীঃ নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত এন আৰ চি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন, জিলা সভাপতি গুণজৌতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি মৃণাল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক গৌতম কুমাৰ শৰ্মা সহ বিভিন্ন জাতীয় সংগঠনৰ নেতা উপস্থিত থাকে। সভাত জাতীয় সংগঠন সমূহে নিৰ্ধাৰিত সময়ত আৰু শুদ্ধ এন আৰ চি প্ৰকাশৰ বাবে দাবী জনায়।