চামগুৰিঃ  এন আৰ চি-ক লৈ মানুহৰ মাজত এতিয়াও ভয়ৰ উদ্ৰেক হৈয়ে আছে৷ সজাগতা সৃষ্টিৰ বাবে ঠাইয়ে ঠাইয়ে হৈ আহিছে মেল-মিটিং আদিও৷ সেই একেই উদ্দেশ্যেই নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত বাজিয়াগাঁও উন্নয়ন খণ্ডৰ সভা গৃহত বুধবাৰে দিনৰ ১২ বজাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়৷

চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সঞ্জীৱ দলৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা উক্ত সভাত নগাঁও জিলাৰ উপায়ুক্ত ছমছেৰ সিং আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায় উপস্থিত থাকি নিজৰ বক্তব্যত এন আৰ চিৰ সম্পৰ্কীয় উৰাবাতৰিত ভয় নাখাবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে কোনো লোকৰ যদি এন আৰ চি নাম অন্তৰ্ভূক্ত নহয় এই ক্ষেত্ৰত আপত্তি দৰ্শোৱাৰ ব্যৱস্থাৰে পুনৰ নাম অন্তৰ্ভূক্তি কৰণৰ সুবিধা থকাৰ কথা প্ৰকাশ কৰে৷

লাওঁখোৱা আৰু বাজিয়াগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰতিখন গাঁৱৰ চৰকাৰী গাঁওবুঢ়া তথা গাঁও পঞ্চায়তৰ নেতৃস্থানীয় প্ৰায় চাৰি শতাধিক গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা এন আৰ চিৰ সজাগতা সভাখনত লাওঁখোৱা আৰু বাজিয়াগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চাৰাউৰ্দ্দি মিঞা আৰু হিৰণ্য কুমাৰ চমুৱা উপস্থিত থাকে৷