newsnextone.com | জাজৰি/ডিফুঃ অহা ৩০ জুনত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয় খন সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ প্ৰাক মহূৰ্তত কাৰ্বি আংলং জিলা প্ৰশাসনে জিলাখনত এনআৰচিক লৈ সজাগ হোৱা পৰিলক্ষিত হৈছে৷ জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তই ইতিমধ্যে কেইবাখনো সজাগতা সভা অনুষ্ঠিত কৰিছে৷ ধৰমনালা ছোৱালী মহাবিদ্যালয়তো স্থানীয় ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বুধবাৰে সভা অনুষ্ঠিত কৰে প্ৰশাসনে৷

জিলা উপায়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত এনআৰচি সন্দৰ্ভত ৰাইজৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে উপায়ুক্ত মৃদুল কুমাৰ মহন্ত, এনআৰচিৰ জিলাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত নৰচিং বে’, এনআৰচিৰ সমল ব্যক্তি তথা প্ৰাক্তন উপায়ুক্ত টি কে বৰ্মণে৷ এনআৰচিৰ দ্বিতীয় খন খচৰা প্ৰকাশৰ পিছত আবেদনকাৰীৰ নাম সন্নিবিষ্ট নহলে আবেদনকাৰীক উপযুক্ত নথিৰ ভিত্তিত এটা সুযোগ প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে৷

সভাত কৰ্তৃপক্ষই ৰাইজৰ মাজত এনআৰচি সন্দৰ্ভত সজাগতা মূলক গোহাৰিও বিলোৱা পৰিলক্ষিত হৈছে৷ সকলো বৈধ ভাৰতীয়ৰ নাম এনআৰচিত অন্তৰ্ভূক্ত কৰা হ’ব তাকলৈ বৈধ ভাৰতীয়ই কোনো শংকাত ভোগাৰ কাৰণ নাই বুলি আশ্বস্ত কৰে উপায়ুক্তগৰাকীয়ে৷ আনহাতে দ্বিতীয় খচৰাত অযোগ্য আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত কৰণ সন্দৰ্ভত তথ্য সহকাৰে প্ৰমাণ দিব পাৰিলে তেনে অভিযোগ গ্ৰহণ যোগ্য হ'ব বুলি জানিবলৈ দিয়ে৷

NNO জাজৰিঃ বুধবাৰে নগাঁও জিলাৰ জাজৰিত প্ৰশাসনে এখন সজাগতা সভা অনুষ্ঠিত কৰে৷ নগাঁও জিলা প্ৰশাসন আৰু জাজৰি আৰক্ষী থানা গাঁওৰক্ষী বাহিনীয়ে জাজৰিৰ দক্ষিণ জাজৰি ভূপেন হাজৰিকা মুকলি মঞ্চত অনুষ্ঠিত কৰা সজাগতা সভাত বিশিষ্ট সমাজসেৱী মামনী দেউৰজাই সভাপতিত্বত কৰে৷

সজাগতা সভাত অহা ৩০ জুনত প্ৰকাশ পাব লগা এন আৰ চিৰ পূৰ্নাংগ খচৰাৰ বাবে যাতে সাধাৰণ জনতাৰ মাজত কোনো দুষ্ট চক্ৰই বিভ্ৰান্তৰ সৃষ্টি নকৰে তাৰ বাবে সজাগ হবলৈ আহ্বান জনায় নগাঁও মহকুমা গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা তৰুন নমামি ৰাজে। জাজৰি থানা সমিতিৰ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সজাগতা সভাত জাজৰি থানাৰ চক্ৰ সংগঠক হিৰণ্য প্ৰসাদ কাকতি, জাজৰি থানা সমিতিৰ সভাপতি যজ্ঞ বৰা, জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ ৰেকিবুদ্দিন আহমেদ, গুলেস্থান হাই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুছ ছাত্তাৰ, সমাজকৰ্মী মিজামল হুছেইনে বৰ্তমান গ্ৰাম্য সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বাবে নিৰীহ লোক নিৰ্যাতিত হোৱা বুলি মত প্ৰকাশ কৰে।