
গুৱাহাটীঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত প্ৰকাশ পোৱা নাম বা আন তথ্যত থকা ভুল বানান শুদ্ধ কৰাৰ প্ৰক্ৰিয়া ২ জানুৱাৰীৰপৰা আৰম্ভ কৰা হ’ব।
এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই জাৰি কৰা এক জাননীত প্ৰকাশ যে ২ জানুৱাৰীৰ দিনৰ ১০ বজাৰপৰা নাম, ইত্যদি শুদ্ধ কৰা প্ৰক্ৰিয়া অনলাইনযোগে আৰম্ভ কৰা হ’ব।
এন আৰ চিৰ ৱেবছাইট www.nrcassam.nic.in লৈ গৈ বা এন আৰ চি সেৱাকেন্দ্ৰলৈ গৈ এই শুদ্ধ্কৰণৰ প্ৰক্ৰিয়া কৰিব পৰা যাব। এই প্ৰক্ৰিয়া ৩১ জানুৱাৰী পৰ্যন্ত অব্যাহত থাৰিব।