
গোৰেশ্বৰ: শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ দৰে নকল কৰিবলৈ সুবিধা নোপোৱাৰ বাবে নহয়। ৰাজ্যত অন্তহীন সময় ধৰি চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(এন আৰ চি) উন্নীতকৰণৰ কামত চৰকাৰী বিদ্যলয়সমূহৰ শিক্ষকসকল নিয়োজিত থকাৰ ফলতহে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত লক্ষাধিক ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হ’ল।
বাগ্সা জিলাৰ গোৰেশ্বৰ অঞ্চলৰ বিদ্যালয়সমূহৰ ফলাফলে হতাশ কৰি তুলিছে স্থানীয় ৰাইজক। বৃহত্তৰ অঞ্চলটোৰ বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহৰ ফলামুঠ মুঠেও সন্তোষজনক নহয় । অৱশ্যে চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহৰ ফলাফল উন্নত হোৱা দেখা গৈছে যদিও চৰকাৰী বিদ্যালয়ৰ অনুন্নত ফলাফলৰ বাবে অভিভাৱকসকলে চৰকাৰকে জগৰীয়া কৰিছে।
চৰকাৰী বিদ্যালয়ৰ ফলাফল দুৰ্বল হোৱাৰ বিভিন্ন কাৰণ আছে যদিও বিগত বছৰটোত চৰকাৰে ৰাষ্টীয় নাগৰিকপঞ্জী উন্নীতকৰণ চমুকৈ এন আৰ চি ৰ কামত শিক্ষকক ব্যৱহাৰ কৰা কাৰণটোকো মুখ্য বুলি ভাবিবলৈ বাধ্য হৈছে । কিয়নো ২০১৬ শিক্ষাবৰ্ষৰ সমগ্ৰ দিনসমূহত নৱম-দশম শ্ৰেণীত বহু বিদ্যালয়ত গণিত, বিজ্ঞান, ইংৰাজী আদি বিষয়ৰ পাঠদান নোহোৱাকৈয়ে পাৰ হ'ল শিক্ষকসকল এনআৰ চি ব্যস্ত থকাৰ বাবে।
তথ্যমতে বিজ্ঞান, অংক আদি বিষয়ৰ শিক্ষককে এ আৰচিৰ কামত নিয়োজিত থকাৰ ফলত সমগ্ৰ বছৰটোত বহু বিদ্যালয়ত এদিনো বিজ্ঞানৰ শিক্ষকে পাঠদান নকৰাকৈয়ে পাৰ হ'ল । তেনে পৰিস্থিতিত পাঠ ভালকৈ সমাপ্ত নোহেৱাকৈ বা বুজি নোপোৱাকৈ পৰীক্ষাত বহিব লগা হৈছিল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীয়ে। ফলত সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান, অংক আদি বিষয়তে অনুত্তীৰ্ণ হোৱা বাবে পৰীক্ষাৰ ফলাফল অনুন্নত হোৱা দেখা গৈছে। অৱশ্যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এনেবোৰ সমস্যা নথকাত ফলাফলো উন্নত হোৱা দেখা গৈছে।
গোৰেশ্বৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ ফলাফলেই ইয়াৰ প্ৰমাণ বহন কৰিছে। গোৰেশ্বৰ পৰীক্ষা কেন্দ্ৰৰ মুঠ পৰীক্ষাৰ্থী আছিল ৬৩৭ জন । ইয়াৰে উৰ্ত্তীৰ্ণ হয় মুঠ ৩২৮ জন । প্ৰথম বিভাগত ১০১জন । দ্বিতীয় ১৩৩ জন । তৃতীয় বিভাগত ৯৪ জন উৰ্ত্তীৰ্ণ হয় । উৰ্ত্তীণৰ শতকৰা হাৰ ৫১. ৪৯ শতাংশ । ইয়াৰে ডিষ্টিংচনসহ মাত্ৰ ৭ জনে, ষ্টাৰ মাৰ্ক মাত্ৰ ১৫ জনেহে লাভ কৰে।
ডিষ্টিংচন মাৰ্কসহ শংকৰদেৱ শিশু নিকেতনৰ ২ জন, অংকুৰণ শিশু নিকেতনৰ ২ জন , চানজা বৰালী স্কুলৰ ২ জন, ৰেইনবো ইংলিছ স্কুল ১ জনে উৰ্ত্তীৰ্ণ হয় । ষ্টাৰ মাৰ্কসহ গোৰেশ্বৰ ছোৱালী হাইস্কুলৰ ১জনে, গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২ জনে, বিহুৰাম বড়ো হাইস্কুলৰ ১, জনে, চানজাবৰালী স্কুলৰ ১জনে, আদৰ্শ জাতীয় বিদ্যালয়ৰ ২ জনে, ৰেইনবো ইংলিছ স্কুলৰ ২ জনে, শংকৰদেৱ শিশু নিকেতনৰ ৪ জনে , অংকুৰণ শিশু নিকেতনৰ ২ জনে উৰ্ত্তীৰ্ণ হয়। চৰকাৰী বিদ্যালয়ৰ দুই এজন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হয় যদিও অনুৰ্ত্তীণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা চৰকাৰী বিদ্যালয়ত ভাবিবলগীয়া।
প্ৰাপ্ত তথ্য মতে উত্তৰ বেতনা হাইস্কুলৰ মুঠ ১৯৩ জন পৰীক্ষাৰ্থীৰ বিপৰীতে কেৱল ৬৮ পৰীক্ষাৰ্থী উৰ্ত্তীৰ্ণ হয় আৰু ১২৫ পৰীক্ষাৰ্থী অনুৰ্ত্তীণ হয় । যোগী সত্যানন্দ হাইস্কুলৰ মুঠ ৪১ পৰীক্ষাৰ্থীৰ ১৯ পৰীক্ষাৰ্থী উৰ্ত্তীৰ্ণ হয় আৰু অনুৰ্ত্তীণ হয় ২২ পৰীক্ষাৰ্থী । গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৭৮ ৰ বিপৰীতে ৯৪ উৰ্ত্তীৰ্ণ আৰু ৮৪ অনুৰ্ত্তীণ । বেতনা হাইস্কুলৰ মুঠ ৭৭ ৰ বিপৰীতে ৩৭ উৰ্ত্তীৰ্ণ আৰু ৪০ অনুৰ্ত্তীণ । শিঙিমাৰী হাইস্কুলৰ ৮১ ৰ বিপৰীতে ৩৯ উৰ্ত্তীণ আৰু ৪২ অনুৰ্ত্তীণ । গোৰেশ্বৰ ছোৱালী হাইস্কুল ৫০ ৰ বিপৰীতে ২৪ উৰ্ত্তীৰ্ণ আৰু ২৬ অনুৰ্ত্তীণ ।
জনতা হাইস্কুলৰ ৪৯ৰ বিপৰীতে ১৫ উৰ্ত্তীৰ্ণ আৰু ৩৪ অনুৰ্ত্তীণ । পূব কাউৰবাহা হাইস্কুলৰ ৬৪ ৰ বিপৰীতে ৩০ উৰ্ত্তীৰ্ণ আৰু ৩৪ অনুৰ্ত্তীণ । ইপিনে গাছবাৰী হাইস্কুলৰ ১৩২ ৰ বিপৰীতে ৫৩ উৰ্ত্তীৰ্ণ আৰু ৭৯ অনুৰ্ত্তীণ । উত্তৰ কামৰূপ আদৰ্শ হাইস্কুলৰ ৪২ ৰ ১৭ উৰ্ত্তীৰ্ণ আৰু ২৫ অনুৰ্ত্তীণ । নাওকাটা মিলন হাইস্কুলৰ ১৬৫ ৰ বিপৰীতে মাত্ৰ ৫৭ উৰ্ত্তীৰ্ণ হয় আৰু মুঠ ১০৮ পৰীক্ষাৰ্থী অনুৰ্ত্তীণ হয়।
আনহাতে এই বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক বা অধ্যক্ষ সকলে জনোৱা মতে প্ৰায় প্ৰতিখন বিদ্যালয়ৰে এজন বা দুজনকৈ শিক্ষকক এনআৰচি ডিউটি দিয়াৰ বাবে পাঠদান ষথেষ্ঠ বাধাপ্ৰাপ্ত হৈছিল। বিশেষকৈ বিজ্ঞান-অংক শিক্ষকক পাঠদানৰ পৰা আতৰাই নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত জড়িত কৰি ৰখাত ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিব পৰা নাই।
জনতা হাইস্কুলৰ শিক্ষকক এনআৰচিৰ পৰা ৰিলিজ লৈ অনাৰ পিছতো পুনৰ জিলা প্ৰশাসনে নিয়োগ কৰিছে এনআৰচিৰ কামত । অন্য বিদ্যালয়সমূহৰো একাংশ শিক্ষকক ৰিলিজ কৰি অনা হৈছে যদিও পুনৰ এআৰচিত নিবলৈ চেষ্টা চলাই আছে জিলা প্ৰশাসনে । শিক্ষকৰ অভাৱ হোৱাত কেবাজনো বিদ্যালয় প্ৰধানে উপায়ুক্তক খাতনি ধৰি এনআৰচিৰ পৰা শিক্ষকক ৰিলিজ কৰি আনিব লগা হৈছে ।
এনে পৰিস্থিতিত ছাত্ৰ ছাত্ৰীৰ হতাশাজনক ফলাফলৰ বাবে অভিভাৱকে চৰকাৰকে জগৰীয়া কৰি কৈছে যে -- এনআৰচি আদি দায়িত্ব পালনৰ বাবে অন্য বিভাগৰ বিষয়া কৰ্মচাৰীকো জড়িত কৰিব পাৰে যদিও কেৱল শিক্ষকসমাজকে এইবোৰত জড়িত কৰি ছাত্ৰ ছাত্ৰীৰ ক্ষতিসাধন কৰি আহিছে শিক্ষাবিভাগে । শীঘ্ৰে এনে ব্যৱস্থা ৰোধ কৰি ছাত্ৰ ছাত্ৰী ক্ষতি ৰোধ কৰি শৈক্ষিক উন্নয়ন হ'ব পৰাকৈ শিক্ষাবিভাগক ব্যৱস্থা ল'বলৈ দাবী জনাইছে স্থানীয় ৰাইজে।