ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে দেশত শিক্ষাৰ গুণগত মানদণ্ড নিৰীক্ষণ কৰিব National Achievement Survey-এ৷ চৰকাৰী বিদ্যালয়ৰ লগতে ব্যক্তিগত শিক্ষানুষ্ঠানক চামিল কৰিব যোগ্যতা নিৰূপণৰ এই কাৰ্যসূচীত। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰিব যোগ্যতা নিৰূপণ কাৰ্যসূচীত।

চৰকাৰে ৫ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী কৰিব এই কাৰ্যসূচী। জানিব পৰা মতে, চৰকাৰী আৰু প্ৰাইভেট বিদ্যালয়ৰ প্ৰায় ২০ লাখ ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাৰোপৰি জিলা স্তৰত ব্যৱহাৰীক শিক্ষাৰ গুণগত মানদণ্ড উন্নীতকৰণৰ বাবে ৫টা বিষয়ত গণিত, ইংৰাজী, বিজ্ঞান, আৰু আধুনিক ভাৰতীয় ভাষা অনুশীলন কৰোৱা হ’ব।

অনুশীলন কৰিবলগীয়া বিষয়কেইটাৰ ওপৰত দিয়া শিক্ষাৰ গুণ নিৰ্ধাৰণ কৰিবৰ বাবে এই প্ৰচেষ্টা হাতত লোৱা বুলি জানিব পৰা গৈছে। NCRT-এ এনে ধৰণৰ কৌশলেৰে ২০১৭ বৰ্ষত ৩য়, ৫ম আৰু ৭ম শ্ৰেণীৰ জিলা পৰ্যায়ত এনে কাৰ্য হাতত লৈছে। বৰ্তমান দশম শ্ৰেণী ছাত্ৰ-ছাত্ৰীয়ে এই সুযোগ লাভ কৰিব৷