
অভয়াপুৰীঃ বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্ত্তী কুশবাৰীত পথ নিৰ্মাণৰ দাবীত আজি দিনৰ ১ বজাত এন এছ ইউ আইৰ উদ্যোগত ৰাইজে পানীত নামি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰাপ্ত তথ্য মতে টাপাট্ৰাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত মেৰেৰচৰ গাঁও পঞ্চায়তৰ অধীনস্থ কুশবাৰীৰ প্ৰথম খণ্ডৰ এটি পথৰ শোচনীয় অৱস্থাৰ বাবে গাওঁখনৰ ৰাইজে জীয়াতু ভুগিব লগা হৈছে।
বিগত কেবা বছৰ ধৰি চিকিৎসা সেৱাৰ বাবে যদি কেতিয়াবা অভয়াপুৰীলৈ যাবলগীয়া হয় তেন্তে ৰোগীক সাঙীত তুলি লৈ যাবলগীয়া হোৱাৰ লগতে বাৰিষা কালত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে এবকু পানী ভাঙি বিদ্যালয়লৈ আহিবলগীয়া হোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে।
উল্লেখ্য যে প্ৰায় ৫ লাখ টকা ব্যয় সাপেক্ষে এম জি এনৰেগা আঁচনিৰ অধীনত পথছোৱা নিৰ্মাণৰ বাবে ধন আবন্টন দিয়া হৈছে যদিও টাপাট্ৰাৰী উন্নয়নখণ্ড আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যজনৰ হেমাহিত দুৱাৰকৈ আধাৰশিলা স্থাপন কৰা পথছোৱা আজি পৰ্যন্ত নিৰ্মাণ হৈ নুঠিল বুলি ৰাইজে অভিযোগ কৰে।
ইপিনে ৰাইজৰ যাতায়াতৰ বাবে নিৰ্মাণ কৰা একমাত্র বাহঁৰ সাকোখনো আঞ্চলিক পঞ্চায়তৰ সদস্যজনে বিক্ৰী কৰি দিয়ে বুলি ৰাইজে অভিযোগ কৰে।
বাৰাম্বাৰ কুশবাৰী গাঁৱৰ ৰাইজে আঞ্চলিক পঞ্চায়ত সদস্যজনক পথছোৱা নিৰ্মাণ কৰাৰ বাবে অনুৰোধ জনাই অহা স্বত্তেও সদস্যজনৰ নিৰ্লিপ্ত ভূমিকাত একাংশ ৰাইজে আজি ক্ষোভিত হৈ একাঠু পানীত নামি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
'অসম চৰকাৰ হায় হায়', 'পথ নিৰ্মাণৰ নামত দুৰ্নীতি নচলিব' আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।