বেইজিংঃ অভিযানটাৰ নাম আছিল 'স্মাইলিং বুদ্ধ’। ১৯৭৪ চনৰ ১৮ মে’ত পোখৰানত ভাৰতে প্ৰথম পাৰমাণৱিক বোমা পৰীক্ষা কৰিছিল। এয়াৰ পাছতে ১৯৯৮ চনৰ ১১-১৩ মে’ত একে স্থানতে ভাৰতে পাঁচটা পাৰমাণৱিক বোমা বিস্ফোৰণৰ সফল পৰীক্ষণ কৰে। ইয়াৰ লগে লগে পাকিস্তানেও পাৰমানৱিক বোমাৰ পৰীক্ষা কৰি নিজকে পৰমানৱিৰ শক্তিধৰ বুলি ঘোষণা কৰে।

কিন্তু শুকুৰবাৰে চীনৰ বিদেশ দপ্তৰে প্ৰকাশ কৰিছে যে দেশখনে ভাৰত বা পাকিস্তান কাকোৱেই পাৰমাণৱিক শক্তিধৰ দেশ হিচাপে স্বীকৃতি দিয়া নাই।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰনায়ক কিম জং-আনৰ মাচত ভিয়েটনামত হোৱা আলোচনা বিফল হোৱাৰ পাৰত চীনৰ বৈদেশিক দপ্তৰৰ মুখপাত্ৰ লু কাঙে এক সংবাদমেল সম্বোধন কৰিছিল। 

এই সংবাদমেলতে মুখপাত্ৰজনক সোধা হৈছিল যে ভাৰত আৰু পাকিস্তানক দিয়াৰ দৰে উত্তৰ কোৰিয়াকো চীনে পাৰমানৱিক অস্ত্ৰধৰ হিচাপে স্বীকৃতি দিব নেকি? এই প্ৰশ্নৰ উত্তৰত মুখপাত্ৰ লু কাঙে কয় যে চীনে ভাৰত বা পাকিস্তানক পাৰমানৱিক শক্তি হিচাপে স্বীকৃতি দিয়া নাই।

উল্লেখ্য যে, ৪৮ খন দেশেৰে গঠিত নিউক্লিয়াৰ ছাপ্লাইয়াছ গ্ৰুপ (এন এছ জি)ত ভাৰতৰ অন্তৰ্ভুক্তিক চীনে বাধা দি ৰাখিছে। দেশখনৰ যুক্তি, ভাৰতে পাৰমানৱিক নিৰস্ত্ৰকৰণ চুক্তিত স্বাক্ষৰ কৰা নাই।