গোলাঘাটঃ পুনৰ বিতৰ্কলৈ আহিছে নুমলীগড় শোধনাগাৰৰ জৈৱ ইথানল প্ৰকল্প। ৰাইজৰ দাবীৰ অন্তত গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰে জৈৱ ইথানল প্ৰকল্প নিৰ্মাণ সন্দৰ্ভত ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিছিল যদিও শুনানিক অগণতান্ত্রিক আখ্যা দিছে নিখিল ভাৰত ছাত্ৰ ফেডাৰেছনে।

নিখিল ভাৰত ছাত্ৰ ফেডাৰেছনৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক মানস বৰাই এক বিবৃতি যোগে এন আৰ এল কৰ্তৃপক্ষৰ স্বৈৰচাৰী নীতিক গৰিহণা দিয়ে। এন আৰ এলৰ শুনানিৰ জৰিয়তে অগণতান্ত্রিক আৰু সাধাৰণ জনসাধাৰণৰ বাক স্বাধীনতা খৰ্ব কৰা বুলি অভিযোগ কৰে।

শোধনাগাৰটোৱে পৰিৱেশ সম্পৰ্কীয় সকলো নিয়ম-নীতি ভংগ কৰি বুলিও কয়। বিগত বছৰত ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্রালয়ে শোধনাগাৰ কৰ্তৃপক্ষক স্পষ্ট কৰি দিছিল যে উক্ত প্ৰকল্পৰ দহ কিলোমিটাৰৰ ভিতৰত বন্যপ্ৰাণীৰ বিচৰণথলী, কোনো অভয়াৰণ্য, এলিফেণ্ট কৰিডৰ থাকিলে পৰিৱেশ প্ৰভাৱ মূল্যায়ন প্ৰতিবেদনত গাঁঠি দিব লাগিব।

কিন্তু ৰহস্যজনকভাৱে এনআৰএল কৰ্তৃপক্ষই পৰিৱেশ মন্ত্রালয়ক এই অঞ্চলত বন্যপ্ৰাণী দেখিবলৈ নোপোৱাৰ তথ্যহে দাখিল কৰা বুলি কৈ ক্ষোভিত হৈ পৰে সংগঠনটোৱে। বিভিন্ন ভুৱা তথা অনিয়মেৰে গ্ৰহণ কৰা ৰাজহুৱা শুনানি পুনৰ গ্ৰহণ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে।