
খাৰুপেটীয়াঃ দৰং জিলাৰ খাৰুপেটীয়াৰ অচিন তলাত এগৰাকী নাৰ্ছৰ আত্মাহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ খাৰুপেটীয়াৰ নিকটৱৰ্তী শ্যামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জি এন এম জুৰিয়ানা বেগম (২৮) নামৰ নাৰ্ছগৰাকীয়ে ভাৰাঘৰত চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয়।
ছিপাঝাৰ বেহপাৰা গাঁৱৰ জুৰিয়ানা বেগম আৰু হবিবুৰ ৰহমান নামৰ যুৱক-যুৱতী হালে স্বামী-স্ত্ৰী হিচাপে পৰিচয় দি আজি দুবছৰ মানৰ পৰা অচিনতলাত থকা চিৰাজুলৰ হক নামৰ লোকজনৰ ঘৰত ভাৰাতীয়া হিচাপে বসবাস কৰি আহিছিল।
আজি বিয়লি ভাগত জুৰিয়ানাই বহু সময় ধৰি ওলাই নহাত সকলৰে সন্দেহ ওপজে। পিছত চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি ওচৰ-চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে।
ঘটনাস্থলীত খাৰুপেটীয়া থানাৰ আৰক্ষী আৰক্ষী উপস্থিত হৈ কোঠালিত চিপ লৈ ওলমি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে। মৃতদেহটোৰ কেইবা ঠাইত আঘাতৰ চিন দেখিবলৈ পোৱা যায়।
এই সন্দৰ্ভত ঘটনাস্থলীত উপস্থিত থকা জুৰিয়ানাৰ স্বামী বুলি পৰিচয় দি অহা হবিবুৰ ৰহমানক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।