♦ ওদালগুৰিত এবছুৰ সংবাদমেল

ওদালগুৰিঃ ওদালগুৰি সদৰত এক সংবাদমেল সম্বোধন কৰি হাগ্ৰামাৰ বিৰুদ্ধে সৰৱ হৈ পৰে এবছু। শুকুৰবাৰে ওদালগুৰি জিলা এবছুৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা সংবাদমেলত উপস্থিত থাকি এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি দ্বিপেন বড়োৱে বি টি চি প্ৰধান হাগ্ৰামাক ক্ষুৰধাৰ সমালোচনা কৰে।
তেওঁ সংবাদমেলত কয় যে বড়ো জাতিৰ পিতৃ উপেন্দ্ৰনাথ ব্ৰহ্মক অপমান কৰিছছ হাগ্ৰামাই। এন ডি এফ বি (প্ৰ) আৰু এবছুৱে পৃথক ৰাজ্য বড়োলেণ্ডক মুল দাবী হিচাপে লৈ আন কেইবাটাও দাবীৰে কেন্দ্ৰীয় বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰক স্মাৰক-পত্ৰ প্ৰদান কৰাৰ লগতে আলোচনা কৰি আহিছে।
তাৰ পৰিপ্ৰেক্ষিততেই কেন্দ্ৰীয় কেবিনেটে শেহতীয়াকৈ "আৰনাই এক্সপ্ৰেছ", বড়ো সংগ্ৰহালয়, কোকৰাঝাৰৰ ৰেডিঅ' ষ্টেচনৰ আধুনিকীকৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
উক্ত সিদ্ধান্তসমূহত হাগ্ৰামাৰ কৃতিত্ব লোৱাৰ অধিকাৰ নাই বুলি সংবাদমেলখনত বড়োৱে সকিয়াই দিয়ে। উক্ত সিদ্ধান্তসমূহক ছাত্ৰ সংগঠনটোৱে আংশিকভাৱে আদৰণি জনাই কয় যে কেন্দ্ৰই পৃথক ৰাজ্য বড়োলেণ্ডক লৈ সিদ্ধান্ত ল'ব বুলি আশাবাদী আছিল যদিও অন্য কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।
ফলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে পৃথক ৰাজ্যৰ সমস্যা সমাধান নহ'লে মংগলদৈ, গুৱাহাটী, তেজপুৰ, লক্ষিমপুৰ আৰু নগাঁও লোকসভা সমষ্টিত বি জে পিক হৰুৱাবলৈ ব্যৱস্থা গ্ৰহণ কৰিব এবছুৱে।
উল্লেখ্য যে বৃহস্পতিবাৰে নতুন দিল্লীত পৃথক ৰাজ্যৰ বাবে উক্ত অঞ্চলত প্ৰয়োজনীয় আন্তগাঁথনি অথবা আই এছ, আই পি এছ বিষয়া নিজ অঞ্চলৰপৰা সৃষ্টি কৰা সন্দৰ্ভত হাগ্ৰামাই দিয়া বক্তব্য সন্দৰ্ভত এবছুৰ নেতাগৰাকীয়ে কয় যে বি টি চি অঞ্চলত উন্নয়ণ তথা প্ৰয়োজনীয় আন্তগাঁথনি নথকাটো হাগ্ৰামাৰে বিফলতা।
আনহাতে এখন ৰাজ্য কেৱল এটা জাতিৰ আই এছ, আই পি এছ বিষয়াই চলাব লাগিব বুলি কোনো কথা নাই বুলি সংবাদমেলত তেওঁ উল্লেখ কৰে। সংবাদমেলৰ অন্তত বড়ো দল-সংগঠন তথা বুদ্ধিজীৱিসকলক বিষয়টো সন্দৰংভত চিন্তা-চৰ্চা কৰিবলৈ নেতাগৰাকীয়ে আহ্বান জনায়।