
ওদালগুৰিঃ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগত শুকুৰবাৰে ওৰাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আটছা আৰু আক্ৰাছুয়ে।
বি জে পি চৰকাৰ বেপাৰী, বি জে পি গ' বেক, সৰ্বানন্দ সোণোৱাল মিচলীয়া, বি জে পিৰ কাম নাই, নৰেন্দ্ৰ মোডী হায় হায় ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বি জে পি চকাৰখনে কেবিনেটত কেতিয়াও গুৰুতত্বপূৰ্ণ আলোচনাত বিষয়টো উত্থাপন নকৰিলে। বি জে পি চৰকাৰে জনজাতিকৰণৰ বিষয়টো শীঘ্ৰে কেবিনেটত উত্থাপন কৰি সমাধান নকৰিলে ভোগালী বিহুৰ পাছত তীব্ৰ আন্দোলন গঢ়ি তুলি অসমক অস্থিৰ কৰাৰ হুংকাৰ প্ৰদান কৰে চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ নেতৃত্বই।
লগতে কোচৰাজবংশী অঞ্চলত বি জে পিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে আক্ৰাছুৰ নেতৃত্বই।