♦ প্ৰস্তুতিৰ বুজ লৈ মন্ত্ৰী ৰিহন দৈমাৰীৰ সংবাদমেল

ওদালগুৰিঃ আগন্তুক ৮ জানুৱাৰীৰ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ।

ভৈৰৱকুণ্ড পৰ্যটন আৱাস চৌহদত প্ৰায় ৫০ লক্ষাধিক টকা ব্যয়সাপেক্ষে অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱটোক সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে প্ৰস্তুতিৰ বুজ লৈ দেওবাৰে বিয়লি এক সংবাদমেল অনুষ্ঠিত কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মহোৎসৱখনৰ উদযাপন সমিতিৰ সভাপতি ৰিহন দৈমাৰীয়ে।

মহোৎসৱ স্থলীত আয়োজিত এই সংবাদমেলত সমূহ ৰাইজক মহোৎসৱখনি সাফল্যমণ্ডিত কৰাত সহযোগ কৰিবলৈ তেওঁ আহ্বান জনায়‌।

তেওঁ কয় যে এইবাৰৰ ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱত ভূটান, অৰুণাচল প্ৰদেশৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতি প্ৰতিফলিত হ'ব।

ইয়াৰোপৰি শিক্ষাৰ ক্ষেত্ৰত জিলাখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক লৈ চাৰিখনকৈ বিভিন্ন ‌আলোচনা-চক্ৰ ‌অনুষ্ঠিত কৰা হ'ব। ইয়াৰোপৰি স্বচ্ছতাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী উক্ত মহোৎসৱত অনুষ্ঠিত কৰা হ'ব। ‌

এইবেলিৰ মহোৎসৱখনিত হেলিকপ্টাৰ ৰাইডিং, জীপ ছাফাৰী, পেৰাগ্লাইডি, হাতী ছাফাৰী, ৰাফটিং, ফায়াৰ কেম্পেয়িং, শ্বুটিং ইত্যাদি আকৰ্ষণীয় কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।

ইয়াৰোপৰি শিক্ষাৰ্থীসকলৰ বাবে আৰ্ট প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা পৰম্পৰাগত সাজ-পোচাকৰ ফেশ্বন, বডি বিল্ডিং, মহিলা কাবাডী, ভলীবল, আধুনিক নৃত্য প্ৰতিযোগিতা, পৰম্পৰাগত খাদ্য প্ৰস্তুতি প্ৰতিযোগিতা, গ্ৰন্থমেলা, প্ৰদৰ্শনী ইত্যাদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ‌আজিৰ সংবাদমেলত উপস্থিত থাকে মহোৎসৱখনিৰ কাৰ্যকৰী সভাপতি ত্ৰিদীপ দৈমাৰী, মূখ্য ‌আহ্বায়ক ৰিপেন দৈমাৰী উপস্থিত।