♦ ওদালগুৰিত ভূপেন হাজৰিকাৰ পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি উন্মোচন

♦ চৰকাৰে অসমৰ ৰাইজৰ বিৰুদ্ধে কাম কৰি আছেঃ পৰমানন্দ ৰাজবংশী

ওদালগুৰিঃ ‘বি টি চিৰ তিনিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং আৰু বাক্সাত বি টি চিৰ পুঁজিৰে স্থাপন কৰা হ’ব অসমৰত্ন ড৹ ভূপেন হাজৰিকাৰ একোটাকৈ পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি। ভূপেন হাজৰিকাই অসমীয়াক বিশ্ববাসীৰ সন্মুখত চিনাকি কৰাই থৈ গৈছে। ৰাজ্য চৰকাৰে অসমৰ প্ৰতিখন সাহিত্য সভালৈ পূৰ্বতকৈ অধিক বৰঙণি আগবঢ়াব লাগে।’--- এই ভাষ্য বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ।

বৃহস্পতিবাৰে ওদালগুৰি সাহিত্য সভা কাৰ্যালয়ৰ চৌহদত ড৹ ভূপেন হাজৰিকাৰ পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এই ভাষ্য প্ৰদান কৰে মহিলাৰীয়ে। তেওঁ লগতে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি জ্বলি থকা জুইকুৰা অতি কম সময়ৰ ভিতৰতে নিৰ্বাপিত হ’ব। 

তেওঁ আগন্তুক পোন্ধৰ দিনৰ ভিতৰত এই জুই নিৰ্বাপিত হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। চৰকাৰে প্ৰতিবাদী দল-সংগঠনৰ সৈতে ইতিবাচক আলোচনা নকৰা বাবে ৰাজ্যত এই প্ৰতিবাদৰ জুই অধিক পৰিমাণে বৃদ্ধি পাইছে। এই সমস্যা সমাধানৰ ৰাস্তা আছে আৰু সোনকালেই ইয়াৰ সমাধান হ’ব।

বিষয়টো ৰাজনীতিৰ মেৰপেচত সোমাই পৰা বুলি মন্তব্য কৰি হাগ্ৰামাই কয় যে বৰ্তমান সকলোতে ৰাজনীতি সোমাই পৰিছে। সকলো দল-সংগঠনক শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ আহ্বান জনাই দল-সংগঠনৰ ওপৰত আৰক্ষীক বীৰত্ব নেদেখুৱালৈ অনুৰোধ কৰে।

হাগ্ৰামাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক সমালোচনা কৰি কয় যে গগৈৰ একো কাম নাই, তেওঁ সকলো বিষয়তে মিছাতে সকলো বিষয়ৰ মাজত জঁপিয়াই পৰে। ইফালে অখিল গগৈয়ে হাগ্ৰামাক ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’বলৈ আহ্বান জনোৱা বিষয়টো নস্যাৎ কৰি হাগ্ৰামাই কয় যে ‘মই বি টি চিৰ ‘মুখ্যমন্ত্ৰী’, অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা নাই।’

এই অনুষ্ঠানৰ পূৰ্বে মহিলাৰীয়ে ওদালগুৰি গোৰ্খা ছাত্ৰ সন্থাৰ ছাত্ৰ আৱাস উদ্বোধনৰ লগতে ওদালগুৰি দৈনিক বজাৰগৃহৰ আধাৰশিলা স্থাপন কৰে। ইফালে ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে কয় যে চৰকাৰখনে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহ পালনৰ বিপৰীতে অসমৰ জনগণৰ বিৰুদ্ধে কাম কৰি আছে। অসমৰ জনসাধাৰণ বুৰ্বক নহয়, তেওঁলোকে চৰকাৰৰ প্ৰতিটো কাম তীক্ষ্ণ দৃষ্টিৰে নজৰ দি আহিছে। আনকি চৰকাৰখনে অসম সাহিত্য সভাক দিবলগীয়া ধন নিদিয়া বাবে সভাই নিজৰ কৰ্মচাৰীক দৰমহা দিব পৰা নাই বুলিও ৰাজবংশীয়ে ক্ষোভ প্ৰকাশ কৰে। বৰ্তমান অসমৰ অগ্নিগৰ্ভা পৰিস্থিতি সৃষ্টি কৰিছে অসমৰ ৰাজনৈতিক দলসমূহে।

আগন্তুক ১২ জানুৱাৰী তাৰিখে অসমৰ সমূহ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অসম সাহিত্য সভাই নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত পদক্ষেপ ল’ব বুলি জানিবলৈ দিয়ে। লগতে বৰ্তমানৰ পৰিস্থিতিৰ সুযোগ লৈ কোনো অপশক্তিয়ে যাতে ৰাজ্যত অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে তাৰপ্ৰতিও সাহিত্য সভাই নজৰ ৰখা বুৰি পৰমানন্দ ৰাজবংশীয়ে জানিবলৈ দিয়ে। অসমৰ বিশিষ্ট শিল্পী বীৰেণ সিংহৰ হাতৰ পৰশত নিৰ্মাণ হৈছে সুধাকণ্ঠৰ এই পূৰ্ণাংগ অৱয়বৰ প্ৰতিমূৰ্তিটো।

দিনজোৰা কাৰ্যসূচীৰে অনুস্থিত কৰা অনুষ্ঠানটোৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ পাছত প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ সমান্তৰালকৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলৰদ্বাৰা ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰাৰ অন্তত মুকলি সভা অনুষ্ঠিত হয়।

উক্ত মুকলি সভাতেই উন্মোচন কৰা হয় অনুষ্ঠানটোৰ সৈতে সম্পৰ্ক ৰাখি নিৰ্মাণ কৰি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে গৌতমজ্যোতি তালুকদাৰ অখিল কলিতাই সমূহ ৰাইজকে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানটোত উপস্থিত থাকে মন্ত্ৰী ৰিহন দৈমাৰী, শিল্পী বীৰেণ সিংহ, জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসৰ লগতে বিভিন্ন বিশিষ্ট লোক তথা সাহিত্যানুৰাগী উপস্থিত থাকে। উক্ত কাৰ্যসূচীৰ অন্তত ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱলৈ ৰাওনা হয় হাগ্ৰামা মহিলাৰী।