♦ ভিন্ন জনগোষ্ঠীৰ এহেজাৰ শিল্পীৰ কণ্ঠত নিগৰিত হ'ব মানুহে মানুহৰ বাবে...

ওদালগুৰিঃ অসমৰ বৃহত্তম জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত স্বৰ্ণশাখা ওদালগুৰি সাহিত্যই বিশ্ববৰেণ্য শিল্পী সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ এটি পূৰ্ণ অবয়ৰ প্ৰতিমূৰ্তি অহা ১০ জানুৱাৰীত দিনৰ ১১ বজাত সাহিত্য সভা ভৱনত উদ্বোধন কৰিবলৈ আয়োজন কৰিছে।
সেই উপলক্ষে ১০ জানুৱাৰীৰ পুৱা ৮ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব ওদালগুৰি সাহিত্য সভাৰ সভাপতি বীণাপাণী দেৱীয়ে আৰু স্মৃতিতৰ্পণ কৰিব উপ-সভাপতি প্ৰমোদ বৈশ্যই।
দিনৰ ১০ঃ৩০ বজাত অতিথি আদৰণিৰ পাছতেই সুধাকন্ঠ অসমৰত্ন ড৹ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰিব বিভিন্ন জনগোষ্ঠীৰ প্ৰায় এহেজাৰ শিল্পীয়ে।
দিনৰ ১১ বজাত পূৰ্ণ অবয়ৱৰ প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী আৰু বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
উক্ত উদ্বোধনী অনুষ্ঠানত উস্থিত থাকিব শিল্পী সমৰ হাজৰিকা, বি টি চিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, সু-সাহিত্যিক তথা বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ, ওদালগুৰি জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাস, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা, ৰেচম বিভাগৰ উপ-সঞ্চালক হৰকান্ত হাজৰিকা, অসমৰ বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহ, ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি দেৱৰাজ সাপকোটা, মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়ো, বি টি চিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ আৰু বি টি চিৰ যুটীয়া সচিব শুভলক্ষ্মী ডেকাৰ লগতে বহুতো বিশিষ্ট ব্যক্তি।
দিনৰ ১২-৩০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী তথা সমবায় বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে। সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীসকলৰ লগতে বিশিষ্ট শিল্পী সমৰ হাজৰিকাই অংশগ্ৰহণ কৰিব।
উক্ত সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সুধাকন্ঠ ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি গৌতম জ্যোতি তালুকদাৰ, সম্পাদক অখিল কলিতা আৰু ওদালগুৰি সাহিত্য সভাৰ সম্পাদক অজয় কলিতাই সকলো জাতি-জনগোষ্ঠীৰ প্ৰতি আহ্বান জনাইছে।