ওদালগুৰিঃ বিগত ১ ডিচেম্বৰত  ডেকাৰগাঁও অভিমুখে আহি থকা ১৫৮১৫ নম্বৰৰ ইন্টাৰছিটি এক্সপ্ৰেছত সংঘটিত বিস্ফোৰণৰ সৈতে জড়িত থকা বিনোদ বড়ো (৩০)ক আৰক্ষীয়ে সোমবাৰে আদালতত হাজিৰ কৰিব।

বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত বাগডুবা নাৰামাৰী চুৱা গাঁৱৰ অন্তৰ্গত পিতৃ ললিত বড়োৰ পুত্ৰ বিনোদ বড়োক আৰক্ষীয়ে গোৰেশ্বৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছত ৰঙাপাৰা ৰে'ল আৰক্ষীয়ে আজি ধৃত বিনোদ বড়োক ওদালগুৰি আৰক্ষীৰ হাতত অৰ্পণ কৰে।

উল্এলেখ্ইয যে বিস্ফোৰণৰ ফলত দুগৰাকী মহিলাকে ধৰি চাৰিজন লোক আহত হৈছিল। ঘটনাৰ বিবৰণী মতে, কামাখ্যাৰপৰা ডেকাৰগাঁও অভিমুখে আহি থকা ইণ্টাৰচিটি ৰে'লখন হৰিশিঙা ৰে'ল ষ্টেচন আহি পোৱাৰ পূৰ্বে কঠালগুৰিত চতুৰ্থটো দবাত বিস্ফোৰণটো সংঘটিত হৈছিল।

এই বিস্ফোৰণৰ ঘটনাই সমগ্ৰ আৰক্ষী বিভাগৰ ভিতৰ চ'ৰাত জাকাৰণিৰ সৃষ্টি কৰিছিল। ঘটনা সন্দৰ্ভত গোৰেশ্বৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৭ নম্বৰ ধাৰাৰ অধীনত ১৪১/১৮ নম্বৰত এক গোচৰ ৰুজু হোৱাৰ লগতে ৰঙাপাৰা ৰে'ল আৰক্ষী থানাত ১৬/১৮, US-3 নম্বৰৰ এক গোচৰ ৰুজু হৈছিল।

ইফালে এক সূত্ৰই সাংবাদিকক জানিবলৈ দিয়া মতে ধৃত বড়োই তিনিটা বোমা প্ৰস্তুত কৰিছিল। ইয়াৰে প্ৰথম বোমাটো জংঘলত বিস্ফোৰণ কৰাৰ পাছত দ্বিতীয়টো বোমা গোৰেশ্বৰৰ কাশ্যপ বড়ো নামৰ লোক এজনৰ বাসগৃহৰ পিছফালে সংস্থাপন কৰাৰ লগতে এটা বোমা উক্ত ইণ্টাৰচিটী ৰে'লত সংস্থাপন কৰিছিল।

ইতিমধ্যে কাশ্যপ বড়োৰ বাসগৃহৰ পিছফালে সংস্থাপিত কৰা বোমাটো আৰক্ষীয়ে নিষ্ক্ৰিয় কৰা বুলি জানিব পৰা গৈছে। যুৱকজনে ইণ্টাৰনেট মাধ্যমৰ জৰিয়তে বোমা প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে যদিও ধৃত বড়োৱে এই সন্দৰ্ভত মুখ খোলাৰ পৰা বিৰত আছে। তেওঁ বি এফ ডি এন নামৰ এক নতুন অখ্যাত সংগঠন নেতা আছিল বুলি জানিব পৰা গৈছে।