ওদালগুৰিঃ কথমপি প্ৰাণৰক্ষা পৰিল ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ৰৌতা চাৰিআলিৰ চেৰেগা ফাউণ্ডেচন কণিষ্ঠ মহাবিদ্যালয়ৰ ত্ৰিশৰো অধিক ছাত্ৰ-ছাত্ৰীৰ।

কণিষ্ঠ মহাবিদ্যালয়খনৰপৰা শনিবাৰে পুৱা প্ৰায় ত্ৰিশৰো অধিক শিক্ষাৰ্থীয়ে বনভোজ খাবলৈ গৈছিল বাক্সা জিলাৰ বগামাটি বনভোজস্থলীলৈ। ইয়াৰ পাছত গোৰেশ্বৰৰ  অম্বৰীশনগৰৰ সমীপত এ‌ এছ ২৫ বি চি ০৮৭২ নম্বৰৰ চলন্ত আল্ট্ৰা বাছখনৰ তল অংশত জুই প্ৰত্যক্ষ কৰে পথাৰত কাম কৰি থকা কেইজনমান লোকে। লগে লগে তেওঁলোকে চিঞৰ-বাখৰ কৰাত বাছখনৰ চালকে বাছখন ৰখাই দিয়ে।

ইয়াৰ পাছত জুই প্ৰত্যক্ষ কৰি বাছখনৰ ভিতৰত থকা আটাইকেইজন শিক্ষাৰ্থীসহ আন লোকসকলে কথমপি প্ৰাণ ৰক্ষা কৰি বাছখনৰ বাহিৰলৈ ওলাই আহ। লগে লগে ঘটনাস্থলীত সৃষ্টি হয় আতংকময় পৰিৱেশ। জুইৰ লেনিহান শিখাই ক্ষন্তেক সময়ৰ ভিতৰতে বাছখন আগুৰি ধৰাত বাছখনত সম্পূৰ্ণৰূপে জুইত জাহ যায়।

উক্ত অগ্নিকাণ্ডৰ ফলত ৪ গৰাকী ছাত্ৰী আৰু ২ জন ছাত্ৰসহ মুঠ ৬ গৰাকী ছাত্ৰ-ছাত্ৰী গুৰুত্বৰভাৱে আহত হোৱাৰ উপৰিও এগৰাকী শিক্ষয়িত্ৰী আহত হোৱা বুলি সাংবাদিকক জানিবলৈ দিয়ে কণিষ্ঠ মহাবিদ্যালয়খনৰ কৰ্মচাৰীয়ে।

এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে শিক্ষাৰ্থীসকলৰ বাসগৃহৰ লগতে কণিষ্ঠ মহাবিদ্যালয়খনত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। দুই এজন শিক্ষাৰ্থীৰ অভিভাৱকে ঘটনাৰ বুজ ল'বলৈ মহাবিদ্যালয়খনলৈ ঢাপলি মেলে। সমূহ শিক্ষাৰ্থীৰ লগতে আহতসকলক ৰে'লযোগে ৰৌতালৈ লৈ অনা হয় বুলি কণিষ্ঠ মহাবিদ্যালয়খনৰ কৰ্মচাৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে।

উক্ত ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে ওদালগুৰি জিলাৰ উক্ত মহাবিদ্যালয়খনৰ ত্ৰিশৰো অধিক শিক্ষাৰ্থী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ।